স্পৰ্টছ ডেস্ক, 7 জানুৱাৰীঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত নিউজিলেণ্ডে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’লেও দলটোৰ এজন খেলুৱৈৰ বাবে ইতিহাস হৈ ৰ’ল এই শৃংখলা ৷ ছিডনীত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্টত নিউজিলেণ্ড ক্ৰিকেট দলৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান কৰা খেলুৱৈ হ’ল ৰছ টেইলৰ ৷ 35 বছৰীয়া খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে অৱতীৰ্ণ হোৱা 99 খন টেষ্টৰ 174 টা ইনিংছত 7174 ৰান কৰি এই অভিলেখ ৰচিবলৈ কৰিবলৈ সক্ষম হয় ৷ টেইলৰ নামত 19 টা শতকৰ লগতে আছে 33 টা অৰ্ধশতক ৷
ছিডনী টেষ্টখনত টেইলৰে প্ৰাক্তন অধিনায়ক ষ্টিফেন ফ্লেমিঙৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷ ফ্লেমিঙৰ নামত 111 খন টেষ্টৰ 189 টা ইনিংছত 9 টা শতক আৰু 46 অৰ্ধশতকেৰে আছে 7172 ৰান ৷
ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এদিনীয়া ক্ৰিকেটতো ফ্লেমিঙক পিচ পেলাই সৰ্বাধিক ৰান কৰা নিউজিলেণ্ড খেলুৱৈৰ কৃতিত্ব লাভ কৰিছিল টেইলৰে ৷ ফ্লেমিঙৰ নামত 280 খন এদিনীয়াত 8037 ৰান থকাৰ বিপৰীতে টেইলৰ নামত বৰ্তমানলৈ আছে 228 খন এদিনীয়াত 8376 ৰান ৷
আনহাতে আটাইকেইটা ফৰ্মেটক সংযোগ কৰিও নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৰান কৰা খেলুৱৈ হ’ল ৰছ টেইলৰ ৷ ইপিনে এতিয়া 100 খন টেষ্ট ক্ৰিকেটত অৱতীৰ্ণ হোৱা খেলুৱৈৰ অভিলেখ গঢ়াৰৰ পৰাও মাত্ৰ এখোজ দূৰত আছে খেলুৱৈগৰাকী ৷ নিউজিলেণ্ডৰ হৈ ফ্লেমিং,ডেনিয়ল ভিট’ৰী, ব্ৰেণ্ডন মেক্কুলামৰ পাচতেই 100 খন টেষ্ট ক্ৰিকেটত অৱতীৰ্ণ হোৱা চতুৰ্থগৰাকী কিৱি খেলুৱৈ হ’ব টেইলৰ ৷
- লগতে চাওক- আজি ভাৰত-শ্ৰীলংকাৰ মাজত দ্বিতীয়খন টি-20