ETV Bharat / sports

মহিলা টি-20 চেলেঞ্জৰ বাবে আগ্ৰহেৰে বাট চাইছোঃ হৰমনপ্ৰীত কৌৰ

author img

By

Published : Nov 4, 2020, 5:14 PM IST

আজিৰ পৰা 9 নৱেম্বৰ পৰ্যন্ত শ্বাৰজাহত আৰম্ভ হ'ব মহিলা টি-20 চেলেঞ্জ ৷ তিনিটা দল ট্ৰেইলব্লেজাৰ, ছুপাৰন'ভাছ আৰু ভেল'চিটীৰ মাজত অনুষ্ঠিত হ'ব টুৰ্ণামেন্ট ৷

Harmanpreet Kaur
হৰমনপ্ৰীত কৌৰ

স্পৰ্টছ ডেস্ক, 4 নৱেম্বৰ : আজিৰ পৰা 9 নৱেম্বৰ পৰ্যন্ত শ্বাৰজাহত আৰম্ভ হ'ব মহিলা টি-20 চেলেঞ্জ ৷ এই টুৰ্ণামেন্টৰ বাবে ছুপাৰন'ভাছৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে অধিৰ আগ্ৰহেৰে বাট চাই থকা বুলি জানিবলৈ দিয়ে ৷ তিনিটা দল ট্ৰেইলব্লেজাৰ, ছুপাৰন'ভাছ আৰু ভেল'চিটীৰ মাজত অনুষ্ঠিত হ'ব টুৰ্ণামেন্ট ৷ মিথালী ৰাজে ভেল'চিটী আৰু স্মৃতি মান্ধানাই ট্ৰেইলব্লেজাৰ দলক নেতৃত্ব প্ৰদান কৰিব ৷

কৌৰে এক সংবাদমেল সম্বোধনত কয়, "মই জানো যে, ক্ৰিকেটৰ পথাৰত আমি বহু সময়ৰ পাচত নামিছো; কিন্তু মই অতিকৈ উৎসাহিত যে, আমি খেলিবলৈ সুবিধা লাভ কৰিছো ৷ বিচিচিআইৰ লগতে এই টুৰ্ণামেন্ট আয়োজন কৰাৰ সৈতে জড়িত সকলোকে আমি ধন্যবাদ দিব বিচাৰো ৷"

Harmanpreet Kaur
হৰমনপ্ৰীত কৌৰ

টুৰ্ণামেন্টৰ আৰম্ভণিৰ পূৰ্বে তেওঁ চিন্তিত নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কৌৰে কয় যে, তেওঁ কেৱল খেলিবলৈহে অধিৰ আগ্ৰহেৰে বাট চাই আছে ৷ তেওঁ কয়, "মই আগ্ৰহেৰে বাট চাই আছো ৷ মই অধিক চিন্তা কৰা নাই ৷ ঘৰত বহি থকাটো সঁচাকৈয়ে কষ্টকৰ ৷"

উল্লেখ্য যে, 11 অক্টোবৰত বিচিচিআইয়ে মহিলা টি-20 চেলেঞ্জৰ বাবে স্কোৱাড ঘোষণা কৰিছিল ৷ যোৱা বছৰৰ ফাইনেলিষ্ট ছুপাৰন'ভাছে 4 নৱেম্বৰৰ মেচত ভেল'চিটীৰ বিৰুদ্ধে অপেনিং মেচত অৱতীৰ্ণ হ'ব ৷

লগতে পঢ়ক : চেৰিগ’ ৰাম’চে সম্পূৰ্ণ কৰিলে 100 টা গ’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.