ETV Bharat / sports

কুইণ্টন ডিকক আৰু লওৰা ৱ'লবাৰ্টক দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ অফ দ্য় ইয়াৰ ঘোষণা

author img

By

Published : Jul 6, 2020, 1:12 PM IST

দ্বিতীয়বাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ অফ দ্য় ইয়াৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ল কুইণ্টন ডিককে । ইয়াৰ লগতে মহিলাৰ যুৱ খেলুৱৈ লওৰা ৱ'লবাৰ্টক দিয়া হ'ল বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ সন্মান ।

quinton de kock laura wolvaardt win top honours at csa awards

স্পৰ্টছ ডেস্ক, ৬ জুলাইঃ দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ সীমিত অভাৰৰ অধিনায়ক কুইণ্টন ডিককক প্ৰদান কৰা হ'ল ক্ৰিকেট অফ্ দক্ষিণ আফ্ৰিকাৰ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান । অনলাইন যোগে আয়োজিত এই বাৰ্ষিক প্ৰতিযোগিতা সমাৰোহত এই সন্মানৰে সন্মানিত কৰা হয় খেলুৱৈগৰাকীক । আনহাতে যুৱ খেলুৱৈ লওৰা ৱ'লবাৰ্টক বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ আৰু সৰ্বশ্ৰেষ্ঠ মহিলা এদিনীয়া ক্ৰিকেটাৰৰ সন্মান দিয়া হয় ।

কুইণ্টন ডিক
কুইণ্টন ডিক

ইয়াৰ লগতে বেগী বলাৰ লুংগী এনডিগীক বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ এদিনীয়া আৰু টি-20 খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় । আনহাতে ডেভিড মিলাৰে দৰ্শকৰ আটাইতকৈ ভাল লগা খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।

ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক কৰা আৰু ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত পাচঁটা উইকেট দখল কৰা এনৰিচ ন'ৰ্টজেক পুৰুষৰ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় উদীয়মান খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় । মহিলাৰ সৰ্বশ্ৰেষ্ঠ টি-20 খেলুৱৈ শাৱনিম ইছমাইলক আৰু স্পিনাৰ ন'নকুলুলেকো মলাবাক বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ পুৰস্কাৰ দিয়া হয় ।

উল্লেখ্য যে, ডিককে এই সন্মান দ্বিতীয়বাৰৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে তেওঁ 2017 চনত এই সন্মান লাভ কৰিছিল । ডিককৰ পূৰ্বে জেক্ কালিছে (2004 আৰু 2011),মখয়া এণ্টিনী (2005 আৰু 2006), হাছিম আমলা (2010 আৰু 2013), এবি ডিভিলিয়াৰ্ছ (2014 আৰু 2015) আৰু কাগিছ' ৰাবাডাই (2016 আৰু 2018) ত দুবাৰকৈ এই সন্মান লাভ কৰিছে ।

দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ মুখ্য কাৰ্যবাহী বিষয়া জাক ফাউলে কয়,ডিকক টেষ্ট ক্ৰিকেটৰ শীৰ্ষ উইকেটকীপাৰ বেটছমেন আৰু সীমিত অভাৰ ক্ৰিকেটটো শীৰ্ষ বেটছমেনৰ ভিতৰত অন্যতম হৈছে ডিকক । আনহাতে 21 বছৰ 2 মহীয়া ৱ'লবাৰ্ট দক্ষিণ আফ্ৰিকাৰ শীৰ্ষ মহিলা ক্ৰিকেটাৰ পুৰস্কাৰ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ ।

লগতে চাওকঃ অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ নিষেধ তাজমহলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.