স্পৰ্টছ ডেস্ক, 20 জুলাই: চলিত বৰ্ষত অষ্ট্ৰেলিয়াত হ’বলগীয়া পুৰুষ টি-20 বিশ্বকাপ বাতিল ৷ কৰ’ণা ভাইৰাছৰ বাবেই স্থগিত কৰা হ’ল পুৰুষ টি-20 বিশ্বকাপ প্ৰতিযোগিতা ৷ সোমবাৰে আইচিচিৰ এক বৈঠকৰ পাচত টি-20 বিশ্বকাপ স্থগিত কৰাৰ কথা ঘোষণা কৰা হয় ৷ ইয়াৰ লগে-লগে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ আয়োজনৰ পথ প্ৰশস্ত হৈছে বিচিচিআইৰ ৷
-
BREAKING: The 2020 @T20WorldCup has been postponed.
— ICC (@ICC) July 20, 2020 " class="align-text-top noRightClick twitterSection" data="
DETAILS 👇 https://t.co/O8pZAjwf9R pic.twitter.com/ZGF5pKxS7n
">BREAKING: The 2020 @T20WorldCup has been postponed.
— ICC (@ICC) July 20, 2020
DETAILS 👇 https://t.co/O8pZAjwf9R pic.twitter.com/ZGF5pKxS7nBREAKING: The 2020 @T20WorldCup has been postponed.
— ICC (@ICC) July 20, 2020
DETAILS 👇 https://t.co/O8pZAjwf9R pic.twitter.com/ZGF5pKxS7n
উল্লেখ্য যে, চলিত বৰ্ষৰ 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰৰ মাজত অনুষ্ঠিত হ’বলগীয়া আছিল টি-20 বিশ্বকাপৰ প্ৰতিযোগিতা ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ফালৰ পৰাও পূৰ্বেতই এই বৰ্ষত টি-20 বিশ্বকাপ আয়োজন ‘অবাস্তৱ’ বুলি উল্লেখ কৰিছিল ৷ শেহতীয়াকৈ আইচিচিয়ে এখন বিজ্ঞপ্তি প্ৰকাশ কৰি টি-20 বিশ্বকাপ স্থগিত কৰাৰ নিশ্চিয়তা প্ৰদান কৰে ৷