নিউজ ডেস্ক, ২২ মাৰ্চ: পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে জনায় যে, তেওঁলোকে ভাৰতীয় সংস্কৰণৰ সৰ্বৃবহৎ ক্ৰিকেট লীগ আইপিএল ২০১৯ ৰ সম্প্ৰচাৰ নকৰে । উল্লেখ্য যে, আইপিএলৰ ১২ তম সংস্কৰণৰ এই লীগ মাৰ্চৰ ২৩ তাৰিখ, শনিবাৰৰ পৰা অনুষ্ঠিত হ'ব ।
পাকিস্তান ছুপাৰ লীগৰ ভাৰতীয় সম্প্ৰচাৰক, ডি-স্পৰ্টছে পুলৱামা আক্ৰমনৰ পাছতে পাকিস্তানী লীগটো সম্প্ৰচাৰ নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহন কৰে পাকিস্তানেও । ফাৱাদ চৌধুৰীয়ে মন্তব্য কৰে যে, তেওঁলোকে আইপিএল পাকিস্তানত সম্প্ৰচাৰ হোৱাটো সহ্য কৰিব নোৱাৰে ।