স্পৰ্টছ ডেস্ক, 21 জুলাই: 2021 মহিলা এদিনীয়া বিশ্বকাপৰ ভৱিষ্যৎক লৈ আগন্তুক দুই সপ্তাহৰ ভিতৰত গ্ৰহণ কৰা হ’ব সিদ্ধান্ত ৷ আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিউজিলেণ্ডত অনুষ্ঠিত হোৱাৰ কথা 2021 মহিলা এদিনীয়া বিশ্বকাপ ৷
আইচিচিয়ে সোমবাৰে আইচিচি টি-20 পুৰুষ বিশ্বকাপ স্থগিত কৰা আৰু কৰ’ণা ভাইৰাছৰ ফলত মহিলা এদিনীয়া বিশ্বকাপৰ সময়-সূচীত কোনো সাল-সলনি নকৰাৰ কথা প্ৰকাশ কৰাৰ পাচতেই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে নিউজিলেণ্ড ক্ৰিকেটৰ অধ্যক্ষ গ্ৰেগ বাৰ্ক্লেয়ে ৷
বাৰ্ক্লেয়ে কয়, যদি প্ৰতিযোগিতাখন স্থগিত কৰিবলগীয়া হৈ তেন্তে নিশ্চিত ভাৱে আগন্তুক সময়ৰ পূৰ্বেই জ্ঞাত হোৱাটো গুৰুত্বপূৰ্ণ ৷ যদি প্ৰতিযোগিতাখন আয়োজন হয় তেন্তে অন্তিম সিদ্ধান্তৰ প্ৰয়োজন আছে ৷ যাতে ফেব্ৰুৱাৰী মাহত প্ৰতিযোগিতাখন আয়োজনৰ বাবে সঠিক উৎস সংগ্ৰহ কৰাত সহায়ক হয় ৷
উল্লেখ্য যে, বৰ্তমান সময়ত আটাইতকৈ কম কৰ’ণা প্ৰভাৱিত দেশৰ ভিতৰত অন্য়তম হৈছে নিউজিলেণ্ড ৷ কিন্তু অন্যান্য দেশৰ পৰা যাত্ৰীৰ আগমণে দেশখনত বিপদ নমাই অনাৰ সম্ভাৱনা আছে ৷
সেয়েহে বাৰ্ক্লেয়ে এই সন্দৰ্ভত কয়, বিভিন্ন দল সমূহ বিশ্বত কেনেকৈ যাত্ৰা কৰিব ? অন্য দেশ হৈয়ে তেওঁলোক আহিব লাগিব ফলত ইয়াৰ পৰিণাম কি হ’ব বুলি উদ্বিগ্নতা প্ৰকাশ কৰে ৷ লগতে আইচ’লেচন ইত্যাদি বাধা-নিষেধজ্ঞাৰ মাজৰে যাবলৈ হ’লে বহু খৰচৰ সন্মুখীন হ’বলগীয়া হয় কিন্তু বাজেটৰ ওপৰতো সীমাবদ্ধতা থাকে বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ৷
লগতে চাওক-Serie Aত 50 টা গ’ল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল ক্ৰিষ্টিয়ানো ৰ’নাল্ডো