ETV Bharat / sports

নিক হকলেক অন্তৰ্ৱৰ্তীকালীন মুখ্য় কাৰ্যবাহী হিচাপে নিযুক্তি ক্ৰিকেট অষ্ট্ৰেলিয়াৰ - ক্ৰিকেট অষ্ট্ৰেলিয়া

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অন্তৰ্ৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে মঙলবাৰে নিযুক্তি কৰা হৈছে নিক হকলেক । আনহাতে কেভিন ৰবাৰ্টছৰ অব্যাহতিৰ কথা স্বীকাৰ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ।

Nick Hockley named interim Chief Executive of Cricket Australia

author img

By

Published : Jun 16, 2020, 4:01 PM IST

স্পৰ্টছ ডেস্ক, 16 জুনঃ মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অন্তৰ্ৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হয় নিক হকলেক । বৰ্তমানে আইচিচি টি-20 বিশ্বকাপৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যৰত হকলে ।

ক্ৰিকেট অষ্ট্ৰেলিয়াই ইয়াৰ লগে-লগে বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া কেভিন ৰবাৰ্টছৰ অব্যাহতিৰ কথাও স্পষ্ট কৰে । অধ্যক্ষ আৰ্ল এডিংছয়ে কয়, COVID-১৯ মহামাৰীৰ পাচত ক্ৰিকেটৰ প্ৰস্তুতিৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই এজন নতুন মুখ্য কাৰ্যবাহী বিষয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান কৰিব ।

নিক হকলেক অন্তৰ্ৱৰ্তীকালীন মুখ্য় কাৰ্যবাহী হিচাপে নিযুক্তি ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

এডিংছয়ে এখন চৰকাৰী বিবৃতিত কৈছে, ক্ৰিকেটৰ লগতে সমস্ত ৰাষ্ট্ৰীয় খেল সমূহ এটা বিশেষ পৰিৱৰ্তনৰ মাজেদি আগবাঢ়িছে । এই সাম্প্ৰতিক মাহ সমূহত আমি COVID-১৯ ফলত বহু অনিশ্চয়তাৰ মুখামুখি হৈছো । তেওঁ লগতে কয়, ক্ৰিকেট অষ্ট্ৰেলিয়াক এজন শক্তিশালী নেতৃত্ব প্ৰদান কৰা তথা খেলটোৰ ভৱিষ্যৎৰ প্ৰতি আগ্ৰহী খেলুৱৈ, সমস্ত কৰ্মচাৰী, ৰাষ্ট্ৰীয় সমিতি, বাণিজ্যিক অংশীদাৰ তথা সমৰ্থকৰ সৈতে গঠনমূলক কাম কৰা লোকৰ প্ৰয়োজন ।

কেভিন ৰবাৰ্টছ
কেভিন ৰবাৰ্টছ

আনহাতে কেভিন সন্দৰ্ভত তেওঁ 2018 বৰ্ষৰ কঠিন পৰিস্থিতিৰ সময়ত ভূমিকা পালন কৰাৰ লগতে বিশেষকৈ বিগত কিছু মাহৰ প্ৰত্য়াহ্বানৰ মাজত অক্লান্ত ভাৱে পৰিশ্ৰম কৰিছে বুলি কয় এডিংছয়ে । উল্লেখ্য় যে, 2017 চনত নিক হকলেক 2020 আইচিচি টি-20 বিশ্বকাপৰ CEO ঘোষণা কৰা হৈছিল । আনহাতে মঙলবাৰে তেওঁক ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অন্তৰ্ৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.