ETV Bharat / sports

আইচিচিৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত নিউজিলেণ্ডৰ গ্ৰেগ বাৰক্লে

author img

By

Published : Nov 25, 2020, 7:24 PM IST

আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত গ্ৰেগ বাৰক্লে ৷ এইবছৰৰ আৰম্ভণিতে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা শশাংক মনোহৰৰ স্থানত এই দায়িত্ব লাভ গ্ৰেগ বাৰক্লেৰ ৷

আইচিচিৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত
গ্ৰেগ বাৰক্লে

স্পৰ্টছ ডেস্ক, 25 নৱেম্বৰ : আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত গ্ৰেগ বাৰক্লে ৷ এক অফিচিয়েল বিবৃতি অনুসৰি, এইবছৰৰ আৰম্ভণিতে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা শশাংক মনোহৰৰ স্থানত এই দায়িত্ব লাভ কৰিছে গ্ৰেগ বাৰক্লেই ৷

অকলেণ্ডস্থিত এজন অধিবক্তা বাৰক্লে 2012 চনৰ পৰা নিউজিলেণ্ড ক্ৰিকেটৰ (NZC) মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আহিছিল আৰু শেহতীয়াকৈ আইচিচিৰ নিউজিলেণ্ডৰ প্ৰতিনিধি আছিল ৷ এই পদৰ পৰা পদত্যাগ লৈ তেওঁ আইচিচিৰ নতুন দায়িত্ব গ্ৰহণ কৰিব ৷

এক বিবৃতিযোগে বাৰক্লেই কয়, "আইচিচিৰ অধ্যক্ষ পদ লাভ কৰাটো এক সন্মান আৰু মোৰ সহকৰ্মী আইচিচিৰ বিষয়ববীয়া সকলৰ সমৰ্থনৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলো ৷ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে আমি একেলগে কাম কৰিম বুলি আশা কৰাৰ লগতে মহামাৰীৰ সময়ত আমি শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ লগতে উন্নতি কৰিব পাৰিম ৷"

বাৰক্লেই লগতে কয়, "ক্ৰিকেটৰ উন্নয়নৰ বাবে আমি সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে একেলগে কাম কৰিব পাৰিম বুলি মই আশাবাদী ৷ মই এই দায়িত্ব গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰিছো আৰু 104 খন আইচিচি সদস্য ৰাষ্ট্ৰৰ বাবে কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ ৷"

বাৰক্লেই লগতে কয়, "এক জটিল সময়ত আইচিচিৰ নেতৃত্ব বহন কৰা বাবে ইমৰাণ খোৱাজাক মই ধন্যবাদ জনাব বিচাৰিছো আৰু ভৱিষ্যতে তেওঁৰ সৈতে কাম কৰিব পাৰিম বুলি আশাবাদী ৷"

উল্লেখ্য যে, 2015 আইচিচি ক্ৰিকেট বিশ্বকাপৰ গুৰুদায়িত্ব বহন কৰিছিল বাৰক্লেই ৷

লগতে পঢ়ক : কৰ'ণাৰ মাজতো জাপানে আয়োজন কৰিব পাৰিব অলিম্পিক : টকিঅ' গৱৰ্নৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.