ETV Bharat / sports

COVID-১৯ : ইংলেণ্ড ভ্ৰমণৰ পৰা নাম প্ৰত্যাহাৰ পাকিস্তানৰ দুই খেলুৱৈৰ - ইংলেণ্ড ভ্ৰমণসূচীৰ পৰা নাম প্ৰত্য়াহাৰ মহম্মদ আমিৰ, হৰিছ ছোহেইলৰ

COVID-১৯ পাচতেই আগষ্ট-ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণসূচীৰ পৰা নাম প্ৰত্য়াহাৰ মহম্মদ আমিৰ আৰু হৰিছ ছোহেইলৰ । ব্যক্তিগত কাৰণত এই ভ্ৰমণ পৰিহাৰ দুই খেলুৱৈৰ । পাকিস্তান ক্ৰিকেট ব'ৰ্ডে সদৰি কৰিলে এই কথা ।

Mohammad Amir, Haris Sohail withdraw their name from Pakistan's tour of England

author img

By

Published : Jun 12, 2020, 12:15 PM IST

স্পৰ্টছ ডেস্ক, 12 জুনঃ আগন্তুক ইংলেণ্ড ভ্ৰমণৰ বাবে পাকিস্তান ক্ৰিকেট দলৰ পৰা নাম প্ৰত্য়াহাৰ কৰিলে মধ্য়ক্ৰমৰ বেটছমেন হৰিছ ছোহেইলৰ লগতে বেগী বলাৰ মহম্মদ আমিৰে । ব্যক্তিগত কাৰণত ইংলেণ্ড ভ্ৰমণলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ দুই প্ৰতিভাৱান খেলুৱৈয়ে ।

মহম্মদ আমিৰ
মহম্মদ আমিৰ

পিচিবিয়ে এক বিবৃতি প্ৰকাশ কৰি সদৰি কৰিছে এই কথা । এই বিবৃতিত কোৱা হৈছে যে, মহম্মদ আমিৰে আগষ্টত তেওঁৰ দ্বিতীয় সন্তানৰ জন্মদিন আৰু হৰিছে পৰিয়ালৰ কিছু ব্য়ক্তিগত কাৰণত এই ভ্ৰমণ পৰিহাৰ কৰিছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচত অৱতীৰ্ণ হ'ব ।

হৰিছ ছোহেইল
হৰিছ ছোহেইল

ইংলেণ্ডৰ ভ্ৰমণৰ পূৰ্বে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে পাকিস্তান ক্ৰিকেট দলৰ এক অনুশীলন শিৱিৰৰ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে খেলুৱৈসকলক বৰ্তমানে বাহিৰত অনুশীলন কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । পাকিস্তানত COVID-১৯ ৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰিয়ে এই নিৰ্দেশ প্ৰদান কৰিছে ব'ৰ্ডে ।

শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণ সূচীৰ বাবে পাকিস্তান ক্ৰিকেট দলৰ নতুন বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউনিছ খানক ।

লগতে পঢ়ক : অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ ৰাহুল বেনাৰ্জীৰ সৈতে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.