ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ পৰা মহম্মদ আমিৰৰ সন্ন্যাস ঘোষণা

টেষ্ট ক্ৰিকেটৰ পৰা সন্ন্যাস ল’লে পাকিস্তানৰ ক্ৰিকেটাৰ মহম্মদ আমিৰে ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰিলে খেলুৱৈগৰাকীয়ে ৷

author img

By

Published : Jul 26, 2019, 7:32 PM IST

মহম্মদ আমিৰৰ সন্ন্যাস ঘোষণা

স্পৰ্টছ ডেস্ক, 26 জুলাইঃ আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে পাকিস্তানৰ দুৰ্দান্ত বলাৰ মহম্মদ আমিৰে ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰিলে পাকিস্তানৰ খেলুৱৈগৰাকীয়ে ৷ পাক খেলুৱৈগৰাকীয়ে শুকুৰবাৰে তেওঁৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ঘোষণা কৰি কয়, "মই এতিয়া সম্পূৰ্ণ মনোযোগ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু টি-20 ক্ৰিকেটত দিম ৷"

উল্লেখযোগ্য যে, 2009 চনত শ্ৰীলংকাৰ বিৰুদ্ধে পোন প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল আমিৰৰ ৷আমিৰে টেষ্ট কেৰিয়াৰৰ 36 খন মেচত 119 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ সৰ্বশ্ৰেষ্ট টেষ্ট ক্ৰিকেটত প্ৰদৰ্শন হৈছে 44 ৰানৰ বিপৰীতে 6 টা উইকেট ৷ 2017 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই সফলতা লাভ কৰিছিল আমিৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.