ETV Bharat / sports

আইচিচি টি 20 ৰেংকিঙত অগ্ৰগতি লাচিথ মালিংগাৰ

author img

By

Published : Sep 7, 2019, 7:23 PM IST

নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টি-20 মেচত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা শ্ৰীলংকাৰ বলাৰ লাচিথ মালিংগাই আইচিচি টি-20 ৰ শেহতীয়া ৰেংকিঙত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে ঘোষিত তালিকাত 41 সংখ্যক স্থানৰ পৰা 21 সংখ্যক স্থানলৈ অগ্ৰগতি লাভ কৰিছে মালিংগাই ৷

আইচিচি টি 20 ৰেংকিঙত অগ্ৰগতি লাচিথ মালিংগাৰ

স্পৰ্টছ ডেস্ক, 7 ছেপ্তেম্বৰ : নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টি-20 মেচত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা শ্ৰীলংকাৰ বলাৰ লাচিথ মালিংগাই আইচিচি টি-20 ৰ শেহতীয়া ৰেংকিঙত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে ঘোষিত তালিকাত 41 সংখ্যক স্থানৰ পৰা 21 সংখ্যক স্থানলৈ অগ্ৰগতি লাভ কৰিছে মালিংগাই ৷ শুকুৰবাৰে অনুষ্ঠিত মেচখনত পাঁচটাকৈ উইকেট দখল কৰাৰ লগতে বহুকেইটা অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হয় শ্ৰীলংকাৰ অন্যতম সফল বলাৰ গৰাকীয়ে ৷

শ্ৰীলংকাৰ বলাৰ লাচিথ মালিংগা

মালিংগাৰ দুৰ্দান্ত বলিঙৰ জৰিয়তে শ্ৰীলংকা দলে তৃতীয় মেচত জয় লাভ কৰিবলৈ সক্ষম হ'লেও 2-1 ব্যৱধানত নিউজিলেণ্ডৰ হাতত শৃংখলা হেৰুৱায় ৷ শুকুৰবাৰৰ মেচত মালিংগাই হেট্ৰিক অৰ্জন কৰাৰ লগতে ক্ৰমাগত চাৰিটাকৈ বলত চাৰিটা উইকেট দখল কৰিছিল ৷ ইয়াৰোপৰি, টি-20 ক্ৰিকেটত 100 টা উইকেট দখল কৰা প্ৰথম গৰাকী ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় তেওঁ ৷

আনহাতে, এই ৰেংকিঙত নিউজিলেণ্ডৰ মিটছেল ছান্টনাৰে 11 সংখ্যক স্থানৰ পৰা প্ৰথম পাঁচটা স্থানত নিজৰ নাম সুৰক্ষিত কৰিবলৈ সক্ষম হয় ৷ বেগী বলাৰ টিম ছাউদীয়ে 14 টাকৈ স্থানৰ অগ্ৰগতি লাভ কৰি 15 সংখ্যক স্থান লাভ কৰে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.