স্পৰ্টছ ডেস্ক, 4 জানুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টত লাবুচানৰ সুন্দৰ প্ৰদৰ্শন ৷ নিজৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰিবলৈ সক্ষম হ’ল অষ্ট্ৰেলিয়াৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷ বছৰটোৰ প্ৰথমটো শতক অৰ্জন কৰাৰ পাচতে বছৰটোৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰাৰো কৃতিত্ব লাভ কৰিলে লাবুচানে ৷ ইপিনে 2019 বৰ্ষত টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান কৰা খেলুৱৈৰো অভিলেখ গঢ়িছিল লাবুচানে ৷
মেচখনত প্ৰথম দিনৰ খেলৰ অন্তত 130 ৰান কৰি অপৰাজিত হৈ থকা লাবুচানে দ্বিতীয় দিনা দ্বি-শতক সম্পূৰ্ণ কৰি অষ্ট্ৰেলিয়াক শক্তিশালী স্থিতিত উপনীত কৰি বিশাল ৰানৰ দিশে অগ্ৰসৰ কৰিছে ৷ অষ্ট্ৰেলিয়াই বৰ্তমানলৈকে 9 টা উইকেট হেৰুৱাই 400 ৰান অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ৷ 215 ৰান কৰি টড এস্টলৰ বলত আউট হয় ৷
অষ্ট্ৰেলিয়াৰ হৈ লাবুচানে 215, ডেভিদ ৱাৰ্ণাৰে 45, জ’ বাৰ্ণাছ 18, ষ্টিভ স্মিথ 63, মেথিউ ৱেড 22, ট্ৰেভিছ হেড 10 আৰু টিম পেইনে 35 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ তিনিখন মেচৰ শৃংখলাত 2-0 ৰ অগ্ৰগতি লৈ আছে অষ্ট্ৰেলিয়াই ৷