ETV Bharat / sports

দেশবাসীক নিজ ঘৰতে থাকিবলৈ আহ্বান পাণ্ডিয়া ভাতৃদ্বয়ৰ

দেশবাসীক ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলৈ আহ্বান পাণ্ডিয়া ভাতৃদ্বয়ৰ ৷ টুইটাৰৰ জৰিয়তে এক ভিডিঅ' পোষ্ট কৰি এই মন্তব্য় হাৰ্ডিক আৰু ক্ৰুনালৰ ৷

পাণ্ডিয়া ভাতৃদ্বয়
হাৰ্ডিক আৰু ক্ৰুনাল পাণ্ডিয়া
author img

By

Published : Mar 30, 2020, 9:06 AM IST

স্পৰ্টছ ডেস্ক, 30 মাৰ্চ : ভাৰতীয় ক্ৰিকেটাৰ তথা পাণ্ডিয়া ভাতৃদ্বয় হাৰ্ডিক আৰু ক্ৰুনালে দেওবাৰে দেশবাসীক উদ্দেশ্যি এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ কৰ'ণা ভাইৰাছে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে দেশবাসীক নিজ ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান জনায় দুই ভাতৃয়ে ৷

টুইটাৰৰ জৰিয়তে ক্ৰুনালে পোষ্ট কৰা এক ভিডিঅ'ত তেওঁ আৰু কনিষ্ঠ ভাতৃ হাৰ্ডিকক লকডাউনৰ বাবে ঘৰতে ক্ৰিকেট খেলি থকা প্ৰত্যক্ষ কৰা হয় ৷

ইয়াৰ পাচতে ক্ৰুনালে কয়, "সকলো সুৰক্ষিত থাকক ৷ ঘৰৰ পৰা ওলাই নাযাব, মোৰ আৰু মোৰ পৰিয়ালৰ দৰেই আপোনালোকেও ঘৰৰ ভিতৰতে থাকি আনন্দ কৰিব পাৰে ৷ সকলোকে লকডাউন মানি চলিবলৈ আহ্বান জনাইছো আৰু কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰো আহক ৷"

উল্লেখ্য যে, লকডাউনৰ ফলত বিশ্বৰ বিভিন্ন স্থানৰ প্ৰায় সকলোবোৰ ক্ৰীড়া স্থগিত ৰখা হৈছে ৷ আনহাতে,13 তম সংস্কৰণৰ আইপিএলো 15 এপ্ৰিল পৰ্যন্ত পিছুৱাই দিয়া হৈছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত মঙলবাৰৰ পৰা দেশত 21 দিনীয়া ৰাষ্ট্ৰজোৰা লকডাউন কাৰ্যকৰী হৈ আছে ৷ ইয়াৰ জৰিয়তে দেশত কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা শেহতীয়া তথ্য অনুসৰি, বৰ্তমানলৈকে ভাৰতত 1,024 লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 27 জনৰ ৷

উল্লেখ্য যে, 11 মাৰ্চৰ দিনটোত বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-19 ক মহামাৰী হিচাপে ঘোষণা কৰিছিল ৷

আৰু পঢ়ক :

কৰ'ণা ভাইৰাছ : স্বাস্থ্যকৰ্মীলৈ মন্ত্ৰণালয়ৰ SOP জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.