ETV Bharat / sports

আইপিএল-13 : টছত জয় লাভ কৰি বলিঙৰ সিদ্ধান্ত কিংছ ইলেভেন পাঞ্জাৱৰ

author img

By

Published : Sep 20, 2020, 7:31 PM IST

আজি আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ দ্বিতীয়খন মেচত মুখামুখি হৈছে কিংছ ইলেভেন পাঞ্জাৱ আৰু দিল্লী কেপিটেলছ ৷ টছত জয় লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত পাঞ্জাৱৰ ৷

Kings XI Punjab won the toss and opted to bowl first

স্পৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি সন্মুখ সমৰত নামিছে কিংছ ইলেভেন পাঞ্জাৱ আৰু দিল্লী কেপিটেলছ ৷ ইতিমধ্যে টছত জয় লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কিংছ ইলেভেন পাঞ্জাৱ দলৰ নৱ নিযুক্ত অধিনায়ক কে.এল ৰাহুলৰ ৷

আজিৰ মেচখনত পাঞ্জাৱ দলটোৰ অন্তিম একাদশত স্থান পোৱা চাৰি বিদেশী খেলুৱৈ হৈছে গ্লেন মেক্সৱেল, শ্লেডন কট্ৰেল, নিক’লছ পুৰণ আৰু ক্ৰিছ জৰ্ডান ৷ অন্তিম একাদশত স্থান লাভ কৰাত বিফল হৈছে কেৰিবিয়ান বিস্ফোৰক ক্ৰিকেটাৰ ক্ৰীছ গেইল ৷

আনহাতে টছত পৰাজয় লাভ কৰা শ্ৰেয়াছ আয়াৰো টছত জয় লাভ কৰিলে প্ৰথমে বলিং কৰাৰ সিদ্ধান্তই গ্ৰহণ কৰিলে হয় বুলি জানিবলৈ দিয়ে ৷ লগতে দিল্লী দলটোত আজিৰ মেচখনত শিমৰণ হেটমেয়াৰ, কাগিছ ৰাবাডা, মাৰ্কাছ ষ্ট’ইনিছ আৰু এৰিক নৰ্জেক বিদেশী খেলুৱৈ হিচাপে অন্তিম একাদশত স্থান দিয়াৰ কথা প্ৰকাশ কৰে অধিয়ানকগৰাকীয়ে ৷

কিংছ ইলেভেন পাঞ্জাৱ বনাম দিল্লী কেপিটেলছ

দিল্লী আৰু পাঞ্জাৱ দলটোৱে বৰ্তমানলৈকে 24 খন মেচত মুখামুখি হৈছে য’ত দিল্লী দলটোৱে 10 বাৰ আৰু পাঞ্জাৱে 14 বাৰ জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে ৷

দিল্লী কেপিটেলছৰ অন্তিম একাদশ হৈছে : শিখৰ ধাৱন, পৃথ্বী শ্ব’, শ্ৰেয়াছ আয়াৰ (অঃ), ঋষভ পন্ত,শিমৰণ হেটমেয়াৰ, মাৰ্কাছ ষ্ট’ইনিছ, ৰবি চন্দ্ৰন আশ্বিন, কাগিছ ৰবাডা, এক্সৰ পটেল, এৰিক নৰ্জে আৰু মোহিত শৰ্মা ৷

কিংছ ইলেভেনৰ অন্তিম একাদশ হৈছে : কে.এল ৰাহুল (অঃ), ময়ংক আগৰৱাল, কৰুণ নায়ৰ, নিক’লছ পুৰণ, গ্লেন মেক্সৱেল, কৃষ্ণাপ্পা গৌতম, ছৰফৰাজ খান, ক্ৰিছ জৰ্ডান, শ্লেডন কট্ৰেল, মহম্মদ শ্বামী আৰু ৰবি বিশ্ন’ই ৷

লগতে চাওক-আজি দিল্লী কেপিটেলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.