ETV Bharat / sports

শচীন, স্মিথতকৈ বিৰাটক শ্ৰেষ্ঠ আখ্যা কেভিন পিটাৰচেনৰ - বিৰাট কোহলি শ্ৰেষ্ঠ সীমিত অভাৰত পিটাৰচেন

লক্ ডাউনৰ মাজতেই শেহতীয়াকৈ চৰ্চালৈ আহিছে ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটছমেনৰ প্ৰসংগ । শচীন, স্মিথ, বিৰাট, বাবৰ আজম আদি খেলুৱৈৰ মাজত কোন শ্ৰেষ্ঠ বেটছমেন তাক লৈ বহু খেলুৱৈয়ে মন্তব্য দিয়া দেখা পোৱা গৈছে ছ'চিয়েল মিডিয়াত । শেহতীয়াকৈ এই তালিকাত নাম সাঙুৰ খাইছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচেনৰ ।

শ্ৰেষ্ঠ বেটছমেনৰ প্ৰসংগ
শচীন, স্মিথতকৈ বিৰাটক শ্ৰেষ্ঠ আখ্যা কেভিন পিটাৰচেনৰ
author img

By

Published : May 17, 2020, 10:34 AM IST

স্পৰ্টছ ডেস্ক, ১৭ মে': ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচেনৰ মতে, শচীন তেণ্ডুলকাৰ, ষ্টিভ স্মিথতকৈ শ্ৰেষ্ঠতম বেটছমেন হৈছে বিৰাট কোহলি । শেহতীয়াকৈ জিম্বাবুৱেৰ পম্পি এমবাংৱাৰ সৈতে ইনষ্টাগ্ৰামত হোৱা কথোপকথনত এই কথা সদৰি কৰিছে পিটাৰচেনে । এই লাইভ অনুষ্ঠানতে পিটাৰচেনে বিৰাটৰ লক্ষ্য় অতিক্ৰম কৰাৰ কৌশলৰ ভিত্তিতেই শচীন, স্মিথতকৈ অধিক অগ্ৰধিকাৰ প্ৰদান কৰিছে বুলি মন্তব্য কৰে ।

শ্ৰেষ্ঠ বেটছমেনৰ প্ৰসংগ
শচীন, স্মিথতকৈ বিৰাট শ্ৰেষ্ঠঃ পিটাৰচেন

পিটাৰচেনে কয়, "কোহলি হৈছে ফ্ৰিকশ্ব' । বহু পৰিমাণৰ চাপ নিজে গ্ৰহণ কৰি ভাৰতৰ বাবে অভিলেখ সংখ্য়ক মেচত লক্ষ্য় অতিক্ৰম কৰি জয়ী কৰাবলৈ সক্ষম হৈছে । আনহাতে স্মিথ বিৰাটৰ সমপৰ্যায়তো নাই বুলি উল্লেখ কৰে পিটাৰচেনে । ইপিনে এইটো কাৰণতেই মোৰ দৃষ্টিত শচীনতকৈ উৰ্ধত বিৰাট কোহলি আছে ৷"

ইয়াৰ লগতে লক্ষ্য অতিক্ৰমৰ ক্ষেত্ৰত বিৰাটৰ গড় ৰান ৮০ তকৈও অধিক বুলি কয় পিটাৰচেনে । ভাৰতৰ বাবে একেৰাহে বহু সংখ্য়ক মেচ জয়ী কৰোৱাত মুখ্য ভূমিকা পালন কৰিছে বিৰাটে । মোৰ বাবে সেইটো গুৰুত্বপূৰ্ণ যে কিমান সংখ্যক মেচ দেশৰ বাবে জয়ী কৰাবলৈ সক্ষম হৈছে এজন খেলুৱৈয়ে ।

উল্লেখ্য় যে, এদিনীয়া ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ গড় ৰান ৪২.৩৩ হোৱাৰ বিপৰীতে কোহলিৰ গড় ৰান হৈছে ৬৮.৩৩ । মন কৰিব লগীয়া যে, কোহলিয়ে নিজৰ এদিনীয়া কেৰিয়াৰৰ মুঠ ১১,৮৬৭ ৰানৰ ৭,০৩৯ ৰান সংগ্ৰহ কৰিছে দ্বিতীয় বেটিং অৰ্থাৎ লক্ষ্য অতিক্ৰম কৰাৰ সময়ত । অৱশ্য়ে টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত বিৰাটতকৈ শীৰ্ষ স্থানত ষ্টিভ স্মিথ আছে বুলি উল্লেখ কৰে পিটাৰচনে । সীমিত অভাৱৰত স্মিথৰ ব্যক্তিগত অৱদান কম বুলি কয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.