ETV Bharat / sports

কপিল দেৱৰ পৰামৰ্শই মোক বিকল্প সন্ধানত সহায় কৰিছিল : দ্ৰাৱিড়

author img

By

Published : Jul 18, 2020, 3:45 PM IST

মই অলপমান সৌভাগ্যৱান আছিলো যে,কেৰিয়াৰৰ অন্তত মই আইপিএলত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সহ প্ৰশিক্ষকৰ ভূমিকাত আছিলো বুলি কয় ভাৰতীয় ক্ৰিকেট দলৰ মহান খেলুৱৈ ৰাহুল দ্ৰাৱিড়ে ৷

Kapil's advice helped me to explore options before opting for India A coach's job, says Dravid

স্পৰ্টছ ডেস্ক, 18 জুলাই : ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা খেলুৱৈ ৰাহুল দ্ৰাৱিড়ৰ ভাৰতৰ মহান অলৰাউণ্ডাৰ খেলুৱৈ কপিল দেৱকলৈ গুৰুত্বপূৰ্ণ মন্তব্য ৷ শনিবাৰে ৰাহুল দ্ৰাৱিড়ে উল্লেখ কৰে যে, কেৰিয়াৰৰ অন্তত বিকল্প সন্ধানত কপিল দেৱৰ পৰামৰ্শই তেওঁক যথেষ্ট সহায় কৰিছিল ৷

কপিল দেৱৰ পৰামৰ্শই মোক বিকল্প সন্ধানত সহায় কৰিছিল : দ্ৰাৱিড়
কপিল দেৱৰ পৰামৰ্শই মোক বিকল্প সন্ধানত সহায় কৰিছিল : দ্ৰাৱিড়

দ্ৰাৱিড়ে লগতে নিজকে অলপমান সৌভাগ্যৱান বুলিও অভিহত কৰে ৷ কাৰণ কেৰিয়াৰৰ অন্তিম পৰ্যায়ত আইপিএলত তেওঁ ৰাজস্থান ৰয়েলছ দলটোৰ অধিনায়ক সহ প্ৰশিক্ষকৰ ভূমিকাত নিয়োজিত হৈ আছিল বুলি কয় ৷

কপিল দেৱ
কপিল দেৱ

তেওঁ কয়, খেলুৱৈ জীৱন অন্ত পৰাৰ পাচত মোৰ হাতত কেইবাটাও বিকল্প আছিল যদিও মই প্ৰস্তুত নাছিলো কি কৰিম ৷ সেই সময়তেই কপিল দেৱে মোক পৰামৰ্শ প্ৰদান কৰিছিল ৷ এই কথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষক ডাব্লিউ.ভি.ৰামনৰ ইউটিউভ চেনেলত উল্লেখ কৰে দ্ৰাৱিড়ে ৷

দ্ৰাৱিড়ে কয়, মই কপিল দেৱক কৰোৱাত লগ পাইছিলো আৰু তাতেই তেওঁ মোক কৈছিল প্ৰত্যক্ষ ভাৱে কোনো এটা বস্তু থিৰাং নকৰিবলৈ ৷ বাহিৰলৈ ওলাই গৈ কিছু বছৰ সময় অতিবাহিত কৰাৰ লগতে নিজৰ ভাল লগা বিভিন্ন বস্তু সন্ধান কৰাৰ মোক পৰামৰ্শ প্ৰদান কৰিছিল ৷ যিটো মোৰ বাবে এটা ভাল পৰামৰ্শ আছিল ৷

প্ৰথম অৱস্থাত কমেন্ট্রি কৰি ভাল পাইছিল যদিও পিচলৈ খেলৰ পৰা কিছু আঁতৰি অহা যেন অনুভৱ কৰি আঁতৰি আহিলো বুলি কয় দ্ৰাৱিড়ে ৷ যাৰ বাবে পিচত তেওঁ ইণ্ডিয়া-এ আৰু 19 বছৰ অনুৰ্ধ্ব দলৰ প্ৰশিক্ষণৰ ভূমিকা গ্ৰহণ কৰে ৷

ভাৰতৰ হৈ 1996 চনত টেষ্ট ক্ৰিকেটত অভিষেক কৰা দ্ৰাৱিড়ে 2012 চনলৈ 164 খন টেষ্টত 13288 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে এদিনীয়া ক্ৰিকেটত দ্ৰাৱিড়ৰ নামত আছে 344 খন এদিনীয়াত 10,889 ৰান ৷

লগতে চাওক-পৰ্বতাৰোহী অনচু জেমছেনপাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.