ETV Bharat / sports

লক্ ডাউনৰ মাজতে পুৱাৰ অনুশীলন মনত পেলালে জছপ্ৰীত বোমৰাহে - জছপ্ৰীত বোমৰাহ

কৰ'ণা ভাইৰাছৰ ফলত এতিয়া স্তব্ধ ক্ৰীড়া জগত । সেয়েহে পুৱাৰ অনুশীলন বাৰুকৈয়ে মনত পৰা বুলি উল্লেখ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাৱান খেলুৱৈ জছপ্ৰীত বোমৰাহে ।

Jasprit Bumrah is 'missing early morning training sessions' amid lockdown

author img

By

Published : May 29, 2020, 8:20 AM IST

স্পৰ্টছ ডেস্ক, ২৯ মে': বিশ্ব তথা দেশত চলি থকা COVID-১৯ ৰ মহামাৰীৰ ভয়ংকৰ ৰূপৰ বাবেই বৰ্তমানে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে সকলো খেলুৱৈ । বৃহস্পতিবাৰে পুৱাৰ অনুশীলনৰ সময় বাৰুকৈ মনত পৰা বুলি উল্লেখ কৰে ভাৰতীয় দলৰ দ্ৰুতবেগী বলাৰ জছপ্ৰীত বোমৰাহে । লক্ ডাউনৰ ফলত প্ৰায় দুমাহতকৈ অধিক সময় ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ক্ৰিকেটাৰ সকল । যাৰ বাবে কোনো প্ৰতিযোগিতা, অনুশীলনতেই অংশ ল'ব পৰা নাই খেলুৱৈসকলে ।

বৃহস্পতিবাৰে টুইটাৰৰ জৰিয়তে বোমৰাহে পুৱাৰ অনুশীলনৰ সময়-সূচী মনত পৰা বুলি মন্তব্য কৰে । এই টুইটৰ সৈতে এখন পুৰণি ফটোও শ্বেয়াৰ কৰে বোমৰাহে ।

উল্লেখ্য় যে, শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ ইয়ান বিশ্বপে বোমৰাহৰ প্ৰশংসা কৰি বুমৰাহক "এই প্ৰজন্মৰ প্ৰতিভা" বুলি উল্লেখ কৰিছিল । বোমৰাহ বৰ্তমান আইচিচি এদিনীয়া ক্ৰিকেটৰ বিশ্বৰ এক নম্বৰ ৰেংকিঙৰ খেলুৱৈ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.