ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত 600 টা উইকেট দখল জেমছ এণ্ডাৰছনৰ

author img

By

Published : Aug 26, 2020, 3:40 PM IST

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত এক নতুন কৃতিত্ব ইংলেণ্ডৰ অভিজ্ঞ বলাৰ জেমছ এণ্ডাৰছনৰ ৷ টেষ্ট ক্ৰিকেটত 600 টা উইকেট লাভ কৰা প্ৰথমগৰাকী বেগী বলাৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে এণ্ডাৰছনে ৷

james anderson becomes first pacer to take 600 wickets in test cricket

স্পৰ্টছ ডেস্ক, 26 আগষ্ট : পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তিনিখন মেচৰ টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিমখন টেষ্ট মেচত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ইংলেণ্ডৰ বেগী বলাৰ জেমছ এণ্ডাৰছনে ৷ টেষ্ট ক্ৰিকেটত 600 টা উইকেট দখল কৰা বিশ্বৰ চতুৰ্থ আৰু বেগীবলাৰ হিচাপে প্ৰথমগৰাকী খেলুৱৈৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ পাকিস্তানৰ অধিনায়ক আজহৰ আলীৰ উইকেট দখল কৰি এই অভিলেখৰ অধিকাৰী হয় ইংলেণ্ডৰ খেলুৱৈগৰাকী ৷

এণ্ডাৰছনে নিজৰ 156 খন মেচত এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷ এণ্ডাৰছনৰ পূৰ্বে শ্ৰীলংকাৰ মুথিয়া মুৰলিধৰণ (800), অষ্ট্ৰেলিয়াৰ শ্বেন ৱাৰ্ণ (708), ভাৰতৰ অনিল কুম্বলেয়ে (619) 600 টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল ৷

600 উইকেট দখল কৰা খেলুৱৈ
600 উইকেট দখল কৰা খেলুৱৈ

উল্লেখ্য যে, এণ্ডাৰছনৰ নামত কেৰিয়াৰত 29 বাৰ পাঁচ উইকেট দখল কৰাৰ বিপৰীতে দুটা ইনিংছত 3 বাৰকৈ দহটা উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷ 2003 চনত জিম্বাবুয়েৰ বিৰুদ্ধে নিজৰ অভিষেক মেচতেই 5 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল এণ্ডাৰছনে ৷

লগতে চাওক-তেণ্ডুলকাৰৰ শতকৰ অভিলেখ ভংগ কৰিব বিৰাটে : ইৰফান পাঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.