স্পৰ্টছ ডেস্ক, 14 অক্টোবৰ: অতি শীঘ্ৰই ছবি জগতত দেখা পাব ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানক ৷ ইতিমধ্যে ছবি জগতত ভুমুকি মাৰিবলৈ সাজু হৈছে প্ৰাক্তন খেলুৱৈগৰাকী ৷ তামিলৰ তাৰকা চিয়ান বিক্ৰমৰ সৈতে দেখা পোৱা যাব খেলুৱৈগৰাকীক ৷ ছবিখনত পাঠানক এজন আৰক্ষী বিষয়াৰ ভূমিকাত দেখা পাব দৰ্শকে ৷
এই ছবিখনৰ নিৰ্দেশনা কৰিব দুটাকৈ ব্লকবাষ্টাৰ চিনেমা উপহাৰ দিয়া অজয় গনানামুথুৱে ৷ তেওঁ নিৰ্দেশনাত এইখন হ’ব তেওঁৰ তৃতীয় ছবি ৷ ইয়াৰ পূৰ্বে তেওঁ 2015 চনত ‘‘ডিমন্টে কলনী’’ (Demonte Colony) আৰু 2018 চনৰ হিট ছবি ‘‘ইমাইক্কা নডিগাল’’ (Imaikkaa Nodigal) ৰ নিৰ্দেশনা কৰিছিল ৷
অৱশ্যে বৰ্তমানলৈকে ইৰফান পাঠানে অভিনয় কৰিবলৈ যোৱা ছবিখনৰ নাম প্ৰকাশ কৰা হোৱা নাই ৷ কিন্তু ছবিখনৰ প্ৰথম পোষ্টাৰ শ্বেয়াৰ কৰা হৈছে য’ত অভিনেতা বিক্ৰমক এক অন্য ৰূপত দেখা পোৱা গৈছে ৷
জানিব পৰা মতে ছবিখনত 25 টা ভিন্ন-ভিন্ন ৰূপত দেখা পোৱা যাব বিক্ৰমক ৷ যদিহে এই তথ্য সঁচা হয় তেন্তে এইয়া হ’ব এক বিশ্ব অভিলেখ ৷ অন্যহাতে পাঠানক এজন তুৰ্কী আৰক্ষীৰ ভূমিকাত দেখা পোৱা যাব ছবিখনত ৷