স্পৰ্টছ ডেস্ক, 10 জুন : প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ ইৰফান পাঠানে মঙলবাৰে মন্তব্য কৰে যে, বৰ্ণবৈষম্য কেৱল চালৰ ৰঙতে সীমাবদ্ধ নাথাকে ৷ সুকীয়া ধৰ্মত বিশ্বাসী বাবেই সুকীয়া ব্যৱহাৰ কৰাটোও বৰ্ণবৈষম্যৰ অংশ ৷ টুইটাৰৰ জৰিয়তে এই মন্তব্য কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে ৷
পাঠানে কয়, "বৰ্ণবৈষম্য কেৱল চালৰ ৰঙতে সীমাবদ্ধ নাই ৷ সুকীয়া ধৰ্মত বিশ্বাসী বাবেই কোনো নিৰ্দিষ্ট সমাজত ঘৰ ক্ৰয় কৰাত বাধা আৰোপ কৰাটোও বৰ্ণবৈষম্যৰ অন্তৰ্গত ৷"
ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ ডাৰেন ছাম্মীয়ে 2014 চনত তেওঁৰ বিৰুদ্ধে আইপিএলত বৰ্ণবৈষম্যৰ অভিযোগ উত্থাপন কৰাৰ পাচতে ক্ৰিকেট জগতত বৰ্ণবৈষম্য সম্পৰ্কত এক বিবাদৰ সূচনা হৈছিল ৷ শনিবাৰে ছাম্মীয়ে 'Kalu' শব্দৰ অৰ্থ বুজি পোৱাৰ পাচতে ক্ৰোধাম্বিত হৈ পৰিছিল ৷ ছানৰাইজাৰ্ছ হাইদৰাবাদৰ হৈ আইপিএলত অংশগ্ৰহণৰ সময়তে এনেদৰে তেওঁৰ বিৰুদ্ধে মন্তব্য কৰা হৈছিল বুলি ডাৰেন ছাম্মীয়ে অভিযোগ উত্থাপন কৰিছিল ৷
-
Racism is not restricted to the colour of the skin.Not allowing to buy a home in a society just because u have a different faith is a part of racism too... #convenient #racism
— Irfan Pathan (@IrfanPathan) June 9, 2020 " class="align-text-top noRightClick twitterSection" data="
">Racism is not restricted to the colour of the skin.Not allowing to buy a home in a society just because u have a different faith is a part of racism too... #convenient #racism
— Irfan Pathan (@IrfanPathan) June 9, 2020Racism is not restricted to the colour of the skin.Not allowing to buy a home in a society just because u have a different faith is a part of racism too... #convenient #racism
— Irfan Pathan (@IrfanPathan) June 9, 2020
ছাম্মীৰ সমৰ্থনত ইৰফান পাঠানে মন্তব্য কৰিছিল যে, ঘৰুৱা ক্ৰিকেটত দক্ষিণ ভাৰতীয় ক্ৰিকেটাৰে উত্তৰ অথবা পশ্চিম ভাৰতত খেলিবলৈ আহিলেও বৰ্ণবৈষম্যৰ সন্মুখীন হ'বলগা হয় ৷
পাঠানে কয়, "আমাৰ সমাজত সকলোকে এই বিষয়ে শিক্ষা প্ৰদান কৰা উচিত ৷ বয়োজ্যেষ্ঠ লোক আৰু পৰিয়ালৰ লোকে কি সত্য আৰু কি অসত্য এই সম্পৰ্কত শিক্ষা দিয়াটো উচিত ৷ আমি ধৰ্মীয় বিশ্বাসক মূল্য দিয়া উচিত ৷ আমাৰ প্ৰজন্মক শিক্ষা প্ৰদান কৰি আমি সমাজৰ বাবে অৰিহণা যোগাব পাৰিম ৷"
সামাজিক অন্যায় আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজত সমৰ্থন জনাবলৈ আইচিচি আৰু অন্যান্য ক্ৰিকেট বৰ্ডলৈও আহ্বান জনাই ইৰফান পাঠানে ৷
আৰু পঢ়ক : কেৰালাৰ প্ৰাক্তন ক্ৰিকেটাৰ জয়ামোহন থাম্পিক হত্যা ! পুত্ৰক গ্ৰেপ্তাৰ