ETV Bharat / sports

আইপিএল 13 সংস্কৰণৰ দিন নিশ্চিত কৰিলে চেয়াৰমেন ব্ৰিজেশ পেটেলে

author img

By

Published : Jul 24, 2020, 2:59 PM IST

19 ছেপ্তেম্বৰৰ পৰা 8 নৱেম্বৰলৈ 13 সংস্কৰণৰ আইপিএল আয়োজনৰ কথা নিশ্চিত কৰে ব্ৰিজেশ পেটেলে ৷ আইপিএলৰ গৰ্ভৰ্নিং কাউন্সিলৰ বৈঠকৰ পাচতে দিন সম্পৰ্কত ঘোষণা কৰা হ'ব ৷

আইপিএলৰ দিন ধাৰ্য
আইপিএলৰ 13 সংখ্যক সংস্কৰণ

স্পৰ্টছ ডেস্ক, 24 জুলাই : আইপিএলৰ চেয়াৰমেন ব্ৰিজেশ পেটেলে নিশ্চিত কৰিলে পূৰ্ণ পৰ্যায়ৰ আইপিএলৰ দিন ৷ তেওঁ জানিবলৈ দিয়ে যে,19 ছেপ্তেম্বৰৰ পৰা 8 নৱেম্বৰলৈ 13 সংস্কৰণৰ আইপিএল আয়োজন কৰা হ'ব আৰু স্বত্বাধিকাৰী দলসমূহৰ সৈতে এই সম্পৰ্কত বাৰ্তালাপ কৰা হৈছে ৷

আইপিএলৰ দিন ধাৰ্য
ৰোহিত শৰ্মা আৰু মহেন্দ্ৰ সিং ধোনী

আইপিএলৰ গৰ্ভৰ্নিং কাউন্সিলৰ বৈঠকৰ পাচতে দিন সম্পৰ্কত ঘোষণা কৰা হ'ব ৷ আইপিএল দলসমূহৰ উপৰি লজিষ্টিক আৰু অ'পাৰেচন দলে খেল আয়োজন কৰাৰ প্ৰস্তুতি সম্পৰ্কত ডুবাই, আবু ধাবি আৰু শ্বাৰজাহত উপস্থিত হ'ব ৷

আইপিএল চেয়াৰমেন
ব্ৰিজেশ পেটেলে

উল্লেখ্য যে,সোমবাৰে আইচিচিয়ে ঘোষণা কৰে যে,টি-20 বিশ্বকাপ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত কৰা নহয় ৷ ইয়াৰ ফলত সেই সময়ছোৱাৰ ভিতৰতে বিচিচিআইয়ে আইপিএল আয়োজন কৰিবলৈ সুযোগ লাভ কৰিব ৷

আইপিএলৰ দিন ধাৰ্য
মুম্বাই ইণ্ডিয়ানছ দল

2020 চনত আইপিএল অনুষ্ঠিত নহ'লে বিচিচিআইৰ 4000 কোটি টকাৰ লোকচান হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল ৷ উল্লেখ্য যে,পূৰ্ণ পৰ্যায়ৰ আইপিএল আৰৱ গণৰাজ্যত অনুষ্ঠিত কৰিবৰ বাবে আলোচনা চলি আছে ৷

আইপিএলৰ দিন ধাৰ্য
আইপিএলৰ 13 সংখ্যক সংস্কৰণ

আনহাতে,ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে আইপিএল এসপ্তাহ পূৰ্বে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : ড'প টেষ্ট : সোণলৈ উন্নীত জাকাৰ্টা এছিয়ান গেমছ ভাৰতৰ ৰূপৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.