স্পৰ্টছ ডেস্ক, ১৭ এপ্ৰিলঃ সমগ্ৰ বিশ্ব ব্যাপি এতিয়াও সন্ত্ৰাসৰ কাৰণ হৈ আছে কৰ'ণা ভাইৰাছ । এই ভাইৰাছৰ ফলত বিভিন্ন দিশৰ লগতে ক্ৰীড়াজগতো বাৰুকৈ প্ৰভাৱিত হৈছে । টকিঅ' অলিম্পিক, উইম্বলডনৰ দৰে খেলো বাতিল কৰিবলগীয়া হৈছে এই মহামাৰীৰ বাবে । আনহাতে ভাৰততো এই ভাইৰাছৰ সংহাৰী ৰূপ দেখা পোৱা গৈছে । ফলত শেহতীয়াকৈ ভাৰতৰ আটাইতকৈ লোকপ্ৰিয় লীগ আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ অনিদিৰ্ষ্ট কাললৈ স্থগিত কৰিছে বিচিচিআইয়ে ।

বিচিচিআইয়ে বৃহস্পতিবাৰে পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিচিচিআইয়ে প্ৰকাশ কৰা বিজ্ঞপ্তিত উল্লেখ কৰা হয়,ৰাষ্ট্ৰ, স্বাস্থ্যৰ সুৰক্ষা আৰু খেলৰ সৈতে জড়িত সকলো লোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইয়া বিচিচিআইৰ লগতে লীগটোৰ সৈতে জড়িত ফ্ৰেনচাইজী,সম্প্ৰচাৰক,প্ৰযোজক,প্ৰতিযোগিতাৰ সৈতে জড়িত লোকৰ যুটীয়া সিদ্ধান্ত ।
বিচিচিআইয়ে ভৱিষ্যতৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব আৰু ভৱিষ্যতত যিকোনো সিদ্ধান্ত চৰকাৰৰ পৰামৰ্শ অনুসাৰে লোৱা হ'ব বুলি উল্লেখ কৰে ।

অৱশ্যে এতিয়াও আইপিএল আয়োজনৰ বিকল্পৰ পথ মুকলি কৰি ৰাখিছে বিচিচিআইয়ে। পৰিস্থিতি যদি সোনকালে সলনি হয় তেন্তে হয়তো এই বৰ্ষতেই আয়োজন কৰা হ'ব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ । অৱশ্যে আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এইয়া কেনেকৈ সম্ভৱ হ'ব সেইয়া সময়ত হে লক্ষ্যণীয় হ'ব ।