ETV Bharat / sports

আইপিএল 2020 : ৰাজস্থান ৰয়েলছৰ ফিল্ডিং প্ৰশিক্ষকৰ দেহত ক'ভিড-19

author img

By

Published : Aug 12, 2020, 1:35 PM IST

ক'ভিড-19 ত আক্ৰান্ত হ'ল ৰাজস্থান ৰয়েলছৰ ফিল্ডিং প্ৰশিক্ষক দিশান্ত য়াগনিক ৷ এই কথা য়াগনিকে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰিবলৈ অনুৰোধ জনায় ৷

আইপিএল 2020
ৰাজস্থান ৰয়েলছৰ ফিল্ডিং প্ৰশিক্ষকৰ দেহত ক'ভিড-19

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : ক'ভিড-19 ত আক্ৰান্ত হ'ল ৰাজস্থান ৰয়েলছৰ ফিল্ডিং প্ৰশিক্ষক দিশান্ত য়াগনিক ৷ এই কথা য়াগনিকে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰিবলৈ অনুৰোধ জনায় ৷

তেওঁ লিখে, "মই ক'ভিড পজিটিভ হৈছো ৷ যোৱা 10 দিনত মোৰ সংস্পৰ্শলৈ আহিছে যদি অনুগ্ৰহ কৰি পৰীক্ষা কৰক ৷ বিচিচিআইৰ প্ৰট'কল অনুসৰি মই অহা 14 দিনৰ বাবে কোৱাৰেন্টাইনত থাকিম ৷ আৰৱ গণৰাজ্যলৈ উৰিব লগা ৰাজস্থান ৰয়েলছৰ সৈতে যোগদান কৰাৰ পূৰ্বে মই দুবাৰকৈ নিগেটিভ হ'ব লাগিব ৷ আপোনালোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ ৷"

  • Hi all, I hv tested COVID +. Pls get tested if you hv been in contact with me in the last 10 days. In line wd BCCI protocols I will be now quarantining for 14 days. I will then need 2 ngtv tests b4 joining the team @rajasthanroyals in UAE. Thx 4 yr blessings & good wishes!

    — Dishant Yagnik (@Dishantyagnik77) August 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিচিচিআইৰ প্ৰট'কল অনুসৰি, য়াগনিক 14 দিনৰ বাবে কোৱাৰেন্টাইনত থকাৰ লগতে দুবাৰকৈ পৰীক্ষণত নিগেটিভ হ'লেহে আৰৱলৈ উৰা মাৰিব পাৰিব ৷

এই সম্পৰ্কত ৰাজস্থান ৰয়েলছে কয়, "যোৱা 10 দিনত দিশান্তৰ সংস্পৰ্শলৈ অহা সকলোৱে নিজকে আইশ্ব'লেছনত ৰখাৰ লগতে ক'ভিড পৰীক্ষণ সম্পন্ন কৰক ৷ দিশান্তৰ সংস্পৰ্শলৈ ৰাজস্থানৰ ৰয়েলছৰ কোনো খেলুৱৈ অহা নাই বুলি আমি নিশ্চিতি প্ৰদান কৰিব পাৰিম ৷ দিশান্ত অতি সোনকালে সুস্থ হৈ উঠাৰ লগতে অতি সোনকালে তেওঁ ৰয়েলছৰ শিবিৰত যোগদান কৰিব বুলি আমি আশা কৰিলো ৷"

উল্লেখ্য যে, 19 ছেপ্টেম্বৰৰ পৰা আৰৱ গণৰাজ্যত আৰম্ভ হ'ব 13 সংখ্যক আইপিএল ৷

লগতে পঢ়ক : কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত বিডেনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.