ETV Bharat / sports

২০১৮ বৰ্ষৰ আইপিএলে সলনি কৰিলে মোৰ জীৱন : ঋষভ পন্ত - দিল্লী কেপিটলেছ

ইষ্টাগ্ৰাম লাইভত শেহতীয়াকৈ ঋষভ পন্তে ব্যক্তি কৰিলে নিজৰ মনৰ অনুভৱ । ২০১৮ বৰ্ষৰ আইপিএলক জীৱন সলনি কৰা মূৰ্হুত্ব বুলি ক'লে পন্তে ।

IPL 2018 was-a-life-changing-season rishabh pant

author img

By

Published : May 2, 2020, 4:35 PM IST

স্পৰ্টছ ডেস্ক, ২ মে': ইষ্টাগ্ৰাম লাইভ চেটত ২০১৮ বৰ্ষৰ আইপিএলক জীৱন সলনি কৰা সংস্কৰণ বুলি ক'লে স্বয়ং ভাৰতীয় দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে । ২০১৮ বৰ্ষৰ আইপিএলত দিল্লী কেপিটলেছৰ হৈ পৰ্দাপণ কৰিছিল যুৱ খেলুৱৈ ঋষভ পন্তে । এই সংস্কৰণতেই দিল্লী কেপিটেলছৰ প্ৰশিক্ষক ৰিকী পন্টিঙে নিজৰ স্বভাৱিক খেল-খেলাৰ পূৰ্ণ স্বাধীনতা দিছিল বুলি উল্লেখ কৰে পন্তে ।

পন্তে ইষ্টাগ্ৰাম লাইভত নিজৰ দলৰ সৈতে হোৱা বাৰ্তালাপত ২০১৮ বৰ্ষৰ আইপিএলয়ে জীৱন সলনি কৰা বুলি উল্লেখ কৰে । পন্তে কয়, পণ্টিঙে মোক নিজৰ মতে খেলিবলৈ পূৰ্ণ স্বাধীনতা দিছিল । তেওঁ কৈছিল যেনেকৈ ইচ্ছা, তেনেকৈ খেলিবলৈ । উল্লেখ্য যে, পন্তে সেই বৰ্ষত ১৪ খন মেচত ৬৫০ ৰান কৰিবলৈ সক্ষম হৈছিল । য'ত আছিল ছয়টা অৰ্ধশতক ।

ইয়াৰ ওপৰি পন্তে কয়, সেই সময়ত তেনে প্ৰদৰ্শনৰ মোৰ বাবে অতিকৈ প্ৰয়োজন আছিল । ২০১৮ বৰ্ষৰ সংস্কৰণ মোৰ জীৱন সলনি কৰা সংস্কৰণ আছিল । আমি নক্ আউটত পৰাজয়বৰণ কৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিলো ।

যুৱ খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে আইপিএলৰ ৫৪ খন মেচত অৱতীৰ্ণ হৈছে । য'ত ১৬২.৭ ষ্ট্ৰাইক ৰেটেৰে ১৭৩৬ ৰান কৰিবলৈ সক্ষম হৈছে পন্তে । তেওঁৰ নামত ১ টা শতকৰ লগতে আছে ১১ টাকৈ অৰ্ধশতক । তেওঁৰ আইপিএলত সৰ্বাধিক স্ক'ৰ হৈছে ১২৮ ৰান ।

আনহাতে এই অনুষ্ঠানতেই পন্তে টেষ্ট ক্ৰিকেটৰ ওপৰতো নিজৰ মন্তব্য আগবঢ়ায় । টেষ্ট ক্ৰিকেট খেলিবলৈ পছন্দ কৰাৰ লগতে টেষ্ট ক্ৰিকেটত নিজক সময় দিব পাৰি । টেষ্ট ক্ৰিকেটেই ক্ৰিকেটাৰৰ আচল পৰীক্ষা বুলি উল্লেখ কৰে পন্তে ।

ইপিনে প্ৰাৰম্ভিক অৱস্থাত সন্মুখীন হোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ধোনী, বিৰাট কোহলি, ৰোহিত শৰ্মা, যুৱৰাজ সিং, সুৰেশ ৰাইনা, শিখৰ ধাৱনে সহায় কৰা বুলি কয় যুৱখেলুৱৈগৰাকীয়ে । উল্লেখ্য যে, এই লাইভ অনুষ্ঠানতেই আদৰ্শৱান খেলুৱৈ এডাম গিলখ্ৰীষ্টৰ বিষয়ে উল্লেখ কৰি পন্তে কয়, সময়ৰ সৈতে মই অনুভৱ কৰিলো নিজৰ আদৰ্শৱান খেলুৱৈৰ পৰা শিকাৰ প্ৰয়োজন আছে । তেওঁৰ নকল কৰাৰ নহয় । নিজৰ এক সুকীয়া পৰিচয় বনোৱাৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.