ETV Bharat / sports

দ্বিতীয় টি 20 ত 7 উইকেটত জয় সাব্যস্ত টীম ইণ্ডিয়াৰ - নৱদীপ ছাইনী, ৰবীন্দ্ৰ জাদেজা আৰু হাৰ্ডিক পাণ্ডিয়াই 1 টাকৈ উইকেট দখল

দ্বিতীয়খন টি 20 ত 7 উইকেটত জয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই ৷ দলৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে সৰ্বাধিক 72 ৰান সংগ্ৰহ কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই জয়ৰ জৰিয়তে তিনিখনীয়া শৃংখলাত ভাৰতে 1-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷

বিৰাট কোহলীৰ অপৰাজিত 72 ৰান
author img

By

Published : Sep 18, 2019, 11:15 PM IST

স্পৰ্টছ ডেস্ক, 18 ছেপ্তেম্বৰ : মোহালিত বুধবাৰে অনুষ্ঠিত দ্বিতীয়খন টি 20 ত 7 উইকেটত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে টীম ইণ্ডিয়াই ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ 5 টাকৈ উইকেট দখল কৰি 149 ৰানত সীমাবদ্ধ ৰাখিবলৈ সক্ষম হয় ৷ দক্ষিণ আফ্ৰিকাৰ হৈ কুইন্টন ডি কক আৰু টেম্বা বাভুমাই ক্ৰমে 52 আৰু 49 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ভাৰতৰ হৈ দীপক চাহাৰে 2 টা উইকেট দখল কৰাৰ উপৰি নৱদীপ ছাইনী, ৰবীন্দ্ৰ জাদেজা আৰু হাৰ্ডিক পাণ্ডিয়াই 1 টাকৈ উইকেট দখল কৰে ৷

ইয়াৰ পাছতে ভাৰতীয় দলে বেটিং কৰিবলৈ আহি অ'পেনাৰ ৰোহিত শৰ্মাৰ উইকেট হেৰুৱায় ৷ ৰোহিতে কেৱল 12 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে সৰ্বাধিক 72 ৰান কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ আনহাতে, শিখৰ ধাৱানে 40 ৰানৰ সুন্দৰ ইনিংছ খেলে ৷ দক্ষিণ আফ্ৰিকা দলৰ হৈ আন্দিলে ফেলুকায়ো, টেবৰাইজ ছামছি আৰু ফৰটুইনে 1 টাকৈ উইকেট দখল কৰে ৷

ভাৰতে 1 অ'ভাৰ বাকী থকাৰ অৱস্থাতে 3 টা উইকেট হেৰুৱাই 151 ৰান সংগ্ৰহ কৰে ৷ এই জয়ৰ জৰিয়তে তিনিখনীয়া শৃংখলাত ভাৰতে 1-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷ উল্লেখ্য যে, বৰষুণৰ বাবে ধৰমশালাত অনুষ্ঠিত হ'বলগা প্ৰথমখন মেচ বাতিল কৰা হৈছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.