ETV Bharat / sports

আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টি-20 মেচ - VIRAT KOHLI

শৃংখলা জয়ৰ লক্ষ্যৰে আজি ফ্ল’ৰিডাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টি-20 অৱতীৰ্ণ হ’ব বিৰাট বাহিনী ৷

আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টি-20 মেচ
author img

By

Published : Aug 4, 2019, 10:48 AM IST

স্পৰ্টছ ডেস্ক, 4 আগষ্টঃ ৱেষ্ট ইণ্ডিজৰ ফ্ল’ৰিডাৰ লাউদাৰহিলত আজি শৃংখলা জয়ৰ লক্ষ্যৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰতীয় ক্ৰিকেট দল ৷ ভাৰতীয় সময় অনুসৰি সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব এই খেলখন ৷

শনিবাৰে 4 উইকেটৰে প্ৰথমখন টি-20 মেচত জয় লাভ কৰিছিল ভাৰতে ৷ প্ৰথমখন মেচত ভাৰতীয় বলিঙে সুন্দৰ প্ৰদৰ্শন কৰিলেও ৱেষ্ট ইণ্ডিজৰ ভূমিত ভাৰতীয় বেটিং লাইন আপে সংঘৰ্ষ কৰিবলগীয়া হৈছিল ৷ গতিকে আজিৰ মেচখনত বিৰাট নেতৃত্বাধীন দলটোৰ লক্ষ্য হ’ব বেটিঙত চমক প্ৰদৰ্শন কৰাৰ ৷ ভাৰতীয় দলটোৰ হৈ বেটিঙত ৰোহিত শৰ্মা, শিখৰ ধাৱন, বিৰাট কোহলি, ঋষভ পন্তৰ ওপৰত ক্ৰিকেট অনুৰাগীৰ দৃষ্টি নিৱদ্ধ থাকিব আনহাতে অভিষেক মেচতে সুন্দৰ বলিং কৰা নৱদ্বীপ চাইনীৰ ওপৰতো আজিৰ মেচখনত নিজৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ মানসিক হেঁচা থাকিব ৷

ETV
ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টি-20 মেচ

ইপিনে ৱেষ্ট ইণ্ডিজৰ লক্ষ্য হ’ব খেলখনত সমতা স্থাপন কৰি শৃংখলা পৰাজয়ৰ পৰা ৰক্ষা কৰাৰ ৷ অন্তিমখন টি-20 মেচ অনুষ্ঠিত হ’ব অহা 6 আগষ্টত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.