ETV Bharat / sports

অকলেণ্ডত নিউজিলেণ্ড বনাম ভাৰত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব পাঁচখন মেচৰ প্ৰথমখন টি-20 মেচ ৷ অকলেণ্ডৰ ইডেন পাৰ্ক ষ্টেডিয়ামত মুখামুখি হ’ব দুয়োটা দল ৷

author img

By

Published : Jan 23, 2020, 10:38 PM IST

অকলেণ্ডত নিউজিলেণ্ড বনাম ভাৰত
অকলেণ্ডত নিউজিলেণ্ড বনাম ভাৰত

স্পৰ্টছ ডেস্ক, 23 জানুৱাৰীঃ নিউজিলেণ্ডৰ ভূমিত শুকুৰবাৰে পাঁচখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব বিৰাট নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটো ৷ অকলেণ্ডৰ ইডেন পাৰ্ক ষ্টেডিয়ামত দিনৰ 12.20ত অনুষ্ঠিত হ’ব এই উত্তেজনাপূৰ্ণ মেচখন ৷ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰাজয়ৰ পাচত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ সৈতে মুখামুখি হ’ব ভাৰত ৷

অকলেণ্ডত প্ৰথম টি-20 ত অৱতীৰ্ণ হ’ব ভাৰত-নিউজিলেণ্ড

দুয়োটা দলে ইয়াৰ পূৰ্বে এই খেলপথাৰত এখনকৈ টি-20 মেচত অৱতীৰ্ণ হৈছে ৷ য’ত ভাৰতে সাত উইকেটৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷ এই মেচখনতেই মেন অফ দ্য মেচৰ খিতাপ লাভ কৰিছিল ক্ৰোণাল পাণ্ডিয়াই ৷ পাণ্ডিয়াই চাৰি অভাৰত 28 ৰান দি তিনিটা উইকেট দখল কৰিছিল ৷ অৱশ্যে ভাৰত আৰু নিউজিলেণ্ড দলটোৱে বৰ্তমান লৈকে 4 খন টি-20 মেচত অৱতীৰ্ণ হৈছে ৷ য’ত নিউজিলেণ্ডে 3 খন আৰু ভাৰতে 1 মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

ভাৰত বনাম নিউজিলেণ্ড হেড টু হেড
ভাৰত বনাম নিউজিলেণ্ড হেড টু হেড

উল্লেখ্য যে, এই ষ্টেডিয়ামত ঘৰুৱা দলটোৱে 19 খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত অৱতীৰ্ণ হৈছে ৷ য’ত 10 খন মেচত পৰাজয়ৰ বিপৰীতে কেৱল 6 বাৰৰ বাবে হে জয়ৰ সোৱাদ লাভ কৰিছে নিউজিলেণ্ড দলটোৱে ৷ ইপিনে 3 খন মেচ অমীমাংসিত হৈ ৰৈছে ৷ গতিকে শুকুৰবাৰে এক হাই ভল্টেজ মেচ অনুষ্ঠিত হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷

নিউজিলেণ্ড বনাম ভাৰত
নিউজিলেণ্ড বনাম ভাৰত
  • ভাৰতীয় দলটোত আছে- বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা, সঞ্জু ছেমচন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনীষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), শিৱম ডুবে, কুলদ্বীপ যাদৱ, যুজৱেন্দ্ৰ চহল, ৱাশ্বিংটন সুন্দৰ, জছপ্ৰীত বোমৰাহ, মহম্মদ শ্বামী, নৱদ্বীপ চাইনী, ৰবিন্দ্ৰ জাডেজা, শাৰ্দুল ঠাকুৰ ৷
  • নিউজিলেণ্ড দলটোত আছে- কেন উলিয়ামচন (অঃ), মাৰ্টিন গুপ্টিল, ৰছ টেইলৰ, স্ক’ট কুগ্লেজিন, কলিন মুনৰু, কলিন ডি গ্ৰেণ্ডহোম, টম ব্ৰুছ, ডাৰ্য়েল মিটচেল, মিটচেল ছেণ্টনাৰ, টিম চইফৰ্ট, হামিছ বেনেট, ইছ ছৌডী, টিম ছাউদী, ব্লেয়ৰ টিকনেৰ ৷
  • লগতে চাওক- অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবল্ছৰ পৰা বাহিৰ ছানিয়া মিৰ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.