ETV Bharat / sports

50 টকাত চাব পাৰিব ইডেন গাৰ্ডেনত হ'বলগীয়া ভাৰত-বাংলাদেশৰ মেচ - India-Bangladesh Test Match

দৰ্শকক ষ্টেডিয়ামলৈ আনিবলৈ ক্ৰিকেট এচোচিয়েশ্বন অফ বংগালৰ নতুন পদক্ষেপ ৷ 3 নবেম্বৰৰ পৰা ভাৰতৰ মাটিত হ'বলগীয়া টেষ্ট শৃংখলাৰ ইডেন গাৰ্ডেন অনুষ্ঠিত হ'বলগীয়া মেচখনত দৰ্শকৰ উপস্থিতি বৃদ্ধি কৰিবলৈ ক্ৰিকেট এচোচিয়েশ্বন অফ বংগালে সৰ্বনিম্ন টিকটৰ মূল্য মাত্ৰ 50 টকা ধাৰ্য কৰিছে ৷

50 টকাত চাব পাৰিব ইডেন গাৰ্ডেনত হ'বলগীয়া ভাৰত-বাংলাদেশৰ মেচ
author img

By

Published : Oct 23, 2019, 9:39 AM IST

স্পৰ্টছডেস্ক,23অক্টোবৰঃ ঘৰৰ মাটিত অপ্ৰতিৰোধ্য ভাৰতীয় দলে প্ৰথমবাৰলৈ টেষ্টত হোৱাইটৱাশ্ব কৰিলে বিধ্বংসী দক্ষিণ আফ্ৰিকাক ৷ ইয়াৰ পাচতে চলিত বৰ্ষৰ 3 নবেম্বৰৰ পৰা ভাৰতৰ মাটিত ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-20 আৰু টেষ্ট শৃংখলাটোত ভাৰতীয় দলে টেষ্ট মেচৰ এই জয়যাত্ৰা অব্যাহত ৰখাৰ চেষ্টা কৰিব ৷ বাংলাদেশ দলটোৰ ভাৰত ভ্ৰমণত অনুষ্ঠিত হ'ব 3 খন টি-20 আৰু 2 খনকৈ টেষ্ট মেচ ৷ ইয়াৰে দ্বিতীয়খন টেষ্ট মেচ 22 নবেম্বৰত অনুষ্ঠিত হ'ব কলকাতাৰ ইডেন গাৰ্ডেনত ৷ কিন্তু এই খিনিতে মন কৰিবলগীয়া যে ক্ৰিকেট এচোচিয়েশ্বন অফ বংগাল চমুকৈ চিএবিয়ে ভাৰত-বাংলাদেশৰ এই টেষ্ট মেচখনত টিকটৰ মাননি সৰ্বনিম্নলৈ হ্ৰাস কৰিছে ৷ বিশেষকৈ টেষ্ট খেলত দৰ্শকৰ সহাৰি বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে চিএবিৰ অধ্যক্ষ অভিষেক ডালমিয়াই ৷ যাৰ বাবে পূৰ্বে নিৰ্ধাৰিত 200, 150 আৰু 100 টকা মূল্যৰ টিকট বৰ্তমান ক্ৰিড়াপ্ৰেমীসকলে লাভ কৰিব 150, 100 আৰু মাত্ৰ 50 টকাৰ বিনিময়ত ৷

iden garden
কলকাতাৰ ইডেন গাৰ্ডেন

উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হৈ যোৱা টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট মেচক লৈ দৰ্শকৰ মাজত দেখা গৈছিল অনীহা ৷ যাৰ বাবে এই মেচখনৰ মুঠ 5000 হাজাৰ টিকট পেৰা মিলিটেৰী ফৰ্ছ, আৰ্মী, স্থানীয় আৰক্ষী আৰু নেশ্বনেল কেডেট ক্ৰপ্ছক বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল ৷

Intro:Body:

CRICKET CRYSIS FOR INDO-BANGLA MATCH

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.