ETV Bharat / sports

অন্তিমখন টি-২০ ত পৰাস্ত ভাৰত

২-১ ৰে শৃংখলা জয় নিউজিলেণ্ডৰ

author img

By

Published : Feb 10, 2019, 7:49 PM IST

-১ ৰে শৃংখলা জয় নিউজিলেণ্ডৰ

স্পৰ্টছ ডেস্ক, ১০ ফেব্ৰুৱাৰীঃ দেওবাৰে হেমিল্টনত অনুষ্ঠিত হোৱা নিৰ্ণায়ক টি-২০ মেচত পৰাজয়বৰণ ভাৰতৰ । নিউজিলেণ্ডৰ বিৰুদ্ধে এক শ্বাসৰুদ্ধকাৰী মেচত ৪ ৰানত পৰাস্ত হ'ল ভাৰতীয় দল । ২-১ ৰে শৃংখলা জয় নিউজিলেণ্ডৰ ।

২-১ ৰে শৃংখলা জয় নিউজিলেণ্ডৰ
undefined

টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ভাৰতৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি নিউজিলেণ্ডে সুন্দৰ আৰম্ভণি কৰে । দলটোৱে প্ৰথম উইকেটৰ বাবে ৮০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । টিম ছেইফাৰ্টে ৪৩ ৰান কৰাৰ বিপৰীতে দলটোৰ হৈ সৰ্বাধিক ৭২ ৰান কৰে কলিন মুনৰুৱে । আনহাতে কলিন ডি গ্ৰেণ্ডহোমে বিস্ফোৰক ৩০ ৰানৰ বৰঙণি দিয়ে । নিউজিলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২১২ ৰান ।

২১৩ ৰানৰ বিশাল লক্ষ্য় অতিক্ৰম কৰিবলৈ আহি ভাৰতীয় দলটোৰ আৰম্ভণি দুৰ্বল হয় । ভাৰতে ৬ ৰান দলীয় স্কৰতেই শিখৰ ধাৱনৰ উইকেট হেৰুৱায় । ইয়াৰ পাচত ৰোহিত আৰু বিজয়ে ভাৰতৰ ইনিংছটোক স্থিৰতা প্ৰদান দিয়াৰ চেষ্টা চলায় যদিও ৪৩ ৰান কৰি আউট হয় বিজয় । ভাৰতে দ্বিতীয়টো উইকেট হেৰুৱায় ৮২ ৰানত । ইয়াৰ পাচত ঋষভ পন্তে ১২ বলত ২৮ ৰানৰ বিস্ফোৰক খেল প্ৰদৰ্শন কৰে যদিও পন্ত আউট হোৱাৰ পাচতেই ৰোহিত, পাণ্ডিয়া, ধোনীয়েও পেভিলিয়নলৈ উভতে । হাৰ্দিকে ১১ বলত ২১ ৰান কৰাৰ বিপৰীতে ৰোহিত ৩২ বলত ৩৮ কৰে । ধোনী ২ ৰান কৰি আউট হয় । দিনেশ কাৰ্তিক, ক্ৰুণাল পাণ্ডিয়াইও ভাৰতৰ হৈ সুন্দৰ বেটিং কৰে যদিও ভাৰতক জয়ৰ সোৱাদ দিবলৈ অপৰাগ হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.