ETV Bharat / sports

পাকিস্তানৰ বিৰুদ্ধে নেখেলিলে ক্ষতি হ'ব ভাৰতৰঃ গাভাস্কাৰ - World Cup

বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচক লৈ উৎকণ্ঠিত দুয়োখন দেশৰ ক্ৰীড়াপ্ৰেমী

ভাৰত-পাকিস্তানৰ মেচক লৈ দেশজুৰি আলোড়ন
author img

By

Published : Feb 22, 2019, 5:09 AM IST

স্পৰ্টছ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ পাচত দেশজুৰি প্ৰতিবাদ চলি থকাৰ মাজতেই ক্ৰীড়া জগতো দেখা গৈছে ইয়াৰ ব্যপক প্ৰভাৱ । আগন্তুক বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে মেচ খেলা নেখেলা লৈ বহু জল্পনা-কল্পনা চলি থকাৰ মাজেই প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ মন্তব্য, বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে মেচ নেখেলিলে ক্ষতি হ'ব ভাৰতৰ ।

বিশ্বকাপৰ লীগ মেচত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হ'লে পাকিস্তান দলটোৱে লাভ কৰিব দুই পইণ্ট । ভাৰতে প্ৰত্য়েক বিশ্বকাপতে পাকিস্তানক পৰাস্ত কৰি আহিছে । গতিকে এনে সিদ্ধান্ত ল'লে ভাৰতৰে ক্ষতি হ'ব বুলি উল্লেখ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।

অৱশ্য়ে গাভাস্কাৰে কয়, তেওঁ দেশৰ সৈতে সদায় আছে, পাকিস্তানৰ সৈতে খেলা নেখেলাক লৈ চৰকাৰে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তত সম্পূৰ্ণ সন্মতি প্ৰদান কৰিব বুলিও উল্লেখ কৰে । উল্লেখ্য় যে, ২০১২ ৰ পৰা ভাৰত-পাকিস্তানৰ মাজত দ্বিপাক্ষীয় শৃংখলা অনুষ্ঠিত হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.