ETV Bharat / sports

ইংলেণ্ডক 3-1 ব্যৱধানত পৰাস্ত কৰি আইচিচি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ শীৰ্ষত ভাৰত - ইংলেণ্ডক 3-1 ব্যৱধানত পৰাস্ত কৰি আইচিচি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ শীৰ্ষত ভাৰত

আইচিচি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ শীৰ্ষ স্থান দখল কৰিলে ভাৰতে ৷ 3-1 ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে চেম্পিয়নশ্বিপৰ শীৰ্ষ স্থান দখল কৰে ৷

ভাৰতীয় দল
ভাৰতীয় দল
author img

By

Published : Mar 6, 2021, 7:35 PM IST

স্পৰ্টছ ডেস্ক, 6 মাৰ্চ : আইচিচি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ শীৰ্ষ স্থান দখল কৰিলে ভাৰতে ৷ শনিবাৰে চতুৰ্থ তথা অন্তিম টেষ্ট মেচত ইংলেণ্ড দলক পৰাস্ত কৰি ভাৰতে শীৰ্ষ স্থান দখল কৰে ৷ ভাৰতে ভ্ৰমণকাৰী ইংলেণ্ড দলক এক ইনিংছ আৰু 25 ৰাণত পৰাস্ত কৰি টেষ্ট ছিৰিজ 3-1 ব্যৱধানত দখল কৰে ৷

আইচিচিয়ে টুইটাৰৰ জৰিয়তে কয়, "ইংলেণ্ডৰ বিৰুদ্ধে এই জয়ৰ অৰ্থ হৈছে উদ্বোধনী আইচিচি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ লীগ পৰ্যায়ত ভাৰতে তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে ৷"

ঋষভ পন্ত
ঋষভ পন্ত

ভাৰতীয় স্পীনাৰ অক্সৰ পেটেল আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দূৰ্দান্ত বলত পুনৰবাৰ ধৰাশায়ী হয় ইংলেণ্ডৰ বেটিং লাইন আপ ৷ ভাৰতে 520 পইন্ট সংগ্ৰহেৰে লীগ পৰ্যায়ত শীৰ্ষ স্থান দখল কৰে ৷ লীগ পৰ্যায়ত ভাৰতে 12 টা জয়, চাৰিটা পৰাজয় আৰু এখন ড্ৰ' খেলিবলৈ সক্ষম হয় ৷

ভাৰতীয় দল
ভাৰতীয় দল

উল্লেখ্য যে, এই বছৰৰ জুনত বিশ্ববিখ্যাত লৰ্ডছ ষ্টেডিয়ামত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হ'ব ৷

নিউজিলেণ্ডে 420 পইন্টেৰে লীগ পৰ্যায়ত দ্বিতীয় স্থান দখল কৰে ৷ ইয়াৰ ভিতৰত আছে সাতটা জয় আৰু চাৰিটা পৰাজয় ৷

আনহাতে, তৃতীয় স্থানত 332 পইন্টেৰে আছে অষ্ট্ৰেলিয়া আৰু ইয়াৰ পাচতে আছে ইংলেণ্ড আৰু পাকিস্তান ৷

লগতে পঢ়ক : 205 ৰাণত অল আউট ইংলেণ্ড : গীলৰ উইকেট হেৰুৱাই ভাৰতৰ সংগ্ৰহ 24

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.