স্পৰ্টছ ডেস্ক, 24 জানুৱাৰী : শুকুৰবাৰে আৰম্ভ হৈছে ভাৰত বনাম নিউজিলেণ্ডৰ 5 খনীয়া টি-20 শৃংখলাৰ প্ৰথমখন মেচ ৷ টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে ৷
উল্লেখ্য যে, শ্ৰীলংকাৰ বিৰুদ্ধে অংশগ্ৰহণ কৰা 5 গৰাকী ভাৰতীয় খেলুৱৈ দলৰ পৰা বাহিৰত আছে ৷ এই পাঁচজন খেলুৱৈ হ'ল কুলদীপ যাদৱ, নৱদ্বীপ ছাইনী, ঋষভ পন্ত, ৱাশ্বিংটন সুন্দৰ আৰু সঞ্জু ছেমচন ৷
আনহাতে, নিউজিলেণ্ডৰ হৈ আন্তৰাষ্ট্ৰীয় টি-20 মেচত আত্মপ্ৰকাশ ঘটায় হেমিছ বেনেটে ৷
দুয়ো দলৰ 11 জনীয়া সদস্য :
ভাৰত: ৰোহিত শৰ্মা, লোকেশ ৰাহুল, বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ, মনিশ পাণ্ডে, শিৱম ডুৱে, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, জছপ্ৰীত বুমৰাহ, য়ুজবেন্দ্ৰ চাহাল, মহম্মদ ছামী ৷
নিউজিলেণ্ড: মাৰ্টিন গাপটিল, কলিন মোনৰো, কেন উইলিয়ামছন, টিম ছেইফাৰ্ট, ৰ'ছ টেইলৰ, কলিন ডি গ্ৰেণ্ডহোম, মিটছেল ছান্টনাৰ, টিম ছাউদি, ইছ ছোধী, ব্ৰেয়াৰ টিকনাৰ, হেমিছ বেনেট ৷
আৰু পঢ়ক : অকলেণ্ডত নিউজিলেণ্ড বনাম ভাৰত