ETV Bharat / sports

COVID-১৯ : চলিত বৰ্ষতেই টি-20 বিশ্বকাপ আয়োজনৰ আশা আইচিচিৰ

author img

By

Published : Jun 27, 2020, 8:44 PM IST

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ এগৰাকী সদস্য়ৰ মতে, আইচিচিৰ সভাপতি পদৰ বাবে আবেদন প্ৰক্ৰিয়া আগন্তুক সপ্তাহৰ ভিতৰত আৰম্ভ কৰা হ'ব । আনহাতে টি-20 বিশ্বকাপৰ আয়োজনৰ বিষয় সন্দৰ্ভত ইমান খৰখেদাৰ প্ৰয়োজন কিয় বুলি কয় বিষয়াগৰাকীয়ে ।

ICC seems to believe T20 WC can still be held as per schedule

স্পৰ্টছ ডেস্ক, 27 জুনঃ বৃহস্পতিবাৰে আইচিচিৰ এক বৈঠকৰ পাচত পুনৰ আলোচনাৰ সন্মুখীন হয় আইচিচি । সেইয়া লাগিলে শংশাক মনোহৰৰ উত্তৰাধিকাৰী নিযুক্ত কৰাৰ ক্ষেত্ৰতেই হওক অথবা অষ্ট্ৰেলিয়াত হ'বলগীয়া টি-20 বিশ্বকাপৰ বিষয় সন্দৰ্ভক লৈয়ে হওক ।

বৈঠকৰ অন্তত এগৰাকী বিষয়াই আইচিচিৰ সভাপতি পদৰ বাবে আবেদন প্ৰক্ৰিয়া আগন্তুক সপ্তাহৰ ভিতৰত আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে । আনহাতে টি-20 বিশ্বকাপৰ আয়োজনৰ বিষয় সন্দৰ্ভত ইমান খৰখেদাৰ প্ৰয়োজন কিয় বুলি কয় ।

উল্লেখ্য যে, বিচিচিআইৰ বাবে টি-20 বিশ্বকাপ প্ৰথম অগ্ৰাধিকাৰ হ'ব যদিও কৰ'ণা ভাইৰাছৰ ফলত বিশ্বকাপ স্থগিত হ'লে বিচিচিআইয়ে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ আয়োজনৰ কথা চিন্তা-চৰ্চা কৰিছে । যাৰ বাবে বৰ্তমানে টি-20 বিশ্বকাপৰ আয়োজন কৰা নকৰা আইচিচিৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে বিচিচিআইয়ে ।

বিচিচিআইৰ এগৰাকী বিষয়াই কয়, আবেদন প্ৰক্ৰিয়াত বিলম্ব, টি-20 বিশ্বকাপৰ সিদ্ধান্ত গ্ৰহণত পলম কৰা ঘটনাই এইটোৱে সূচাইছে যে, আইচিচিত দৃঢ় নেতৃত্ব দিব পৰা, কঠিন সিদ্ধান্ত ল'ব পৰা ক্ষমতাৰ অভাৱ আছে । সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিয় পলম হৈছে এই সন্দৰ্ভত আইচিচিৰ শীৰ্ষ নেতৃত্বই উত্তৰ দিয়া উচিত বুলি উল্লেখ কৰে বিচিচিআইৰ বিষয়াগৰাকীয়ে । লগতে তেওঁ কটাক্ষ কৰি কয় যে, আইচিচিৰ বাদে সমগ্ৰ বিশ্বয়ে জ্ঞাত যে বৰ্তমানৰ পৰিস্থিতিত বিশ্বকাপৰ আয়োজন সম্ভৱ নহয় ।

টি-20 বিশ্বকাপৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল আইপিএলৰ ভৱিষ্যৎ

আইপিএলৰ সভাপতি ব্ৰিজেশ পটলে ইতিমধ্য়ে স্পষ্ট কৰিছে যে, বিচিচিআইয়ে টি-20 বিশ্বকাপৰ ওপৰত আইচিচিৰ সিদ্ধান্তৰ পাচতেই আইপিএলৰ ওপৰত চিন্তা-চৰ্চা কৰিব । তেওঁ কয় যে, আইপিএলৰ আয়োজনৰ বাবে আমি ছেপ্তেম্বৰ-অক্টোবৰৰ উইণ্ডোক (Window) চাই আছো । কিন্তু এইটো টি-20 বিশ্বকাপ আৰু এছিয়া কাপৰ স্থগিতৰ ওপৰত নিৰ্ভৰ কৰিব ।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সভাপতিও এই বৰ্ষত বিশ্বকাপ আয়োজন "অবাস্তৱ" বুলি উল্লেখ কৰিছিল । তেওঁ কৈছিল আমি এই সম্পৰ্কত চৰ্চা কৰিছো আৰু সম্ভৱত এই বৰ্ষত টি-20 বিশ্বকাপ আয়োজন কৰিব পৰা নাযাব । আইচিচিয়ে 2021 আৰু 2023 ত বিশ্বকাপ আয়োজন কৰিবলৈ আছে । আমাৰ হাতত এক বছৰৰ ব্য়ৱধান আছে য'ত আমি এই বিশ্বকাপক এডজাষ্ট কৰিবলৈ সক্ষম হ'ম । যদি এতিয়া প্ৰতিযোগিতাৰ মাজত কোনো খেলুৱৈ আক্ৰান্ত হৈ তেন্তে ইয়াৰ ডাঙৰ প্ৰভাৱ পৰাৰ লগতে সমগ্ৰ বিশ্ব ক্ৰিকেট আতংকিত হৈ পৰিব । সেয়েহ বিপদ লোৱাৰ প্ৰয়োজন নাই বুলি কয় ।

এইবৰ্ষৰ 18 অক্টোবৰ পৰা 15 ছেপ্তেম্বৰলৈ অষ্ট্ৰেলিয়াত টি-20 বিশ্বকাপ আয়োজনৰ কাৰ্যসূচী নিৰ্ধাৰিত হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.