ETV Bharat / sports

বিৰাটৰ নম্বৰ ১৮!

টেষ্ট ক্ৰিকেটত এতিয়া ভাৰতীয় খেলুৱৈয়ে পিন্ধিব নতুন জাৰ্চী

author img

By

Published : Mar 22, 2019, 11:36 PM IST

টেষ্ট ক্ৰিকেটৰ জাৰ্ছীত নাম আৰু সংখ্যাকলৈ অনুমতি প্ৰদান আই চি চি ৰ

স্পৰ্টছ ডেস্ক, 22 মাৰ্চঃ টেষ্ট ক্ৰিকেটৰ জাৰ্ছীত নাম আৰু সংখ্যা দিয়াক লৈ অনুমিত প্ৰদান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চি ৰ ৷ ক্ৰিকেটৰ দীৰ্ঘতম ফৰ্মেট টেষ্ট ক্ৰিকেটক অধিক লোকপ্ৰিয় কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আই চি চি য়ে ৷ শ্বেফফিল্ড শ্বেইলড টুৰ্ণামেণ্টত (Sheffield Shield ) এই পৰম্পৰা আছে যদিও প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰূপায়ণ কৰা হ’ব এই নতুন জাৰ্ছীৰ৷ আগন্তুক এক আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া টেষ্ট ক্ৰিকেটৰ বিশ্ব চেম্পিয়নশ্বিপত অংশ লোৱাদল সমূহক দেখা যাব নতুন ৰূপত৷ শুকুৰবাৰে এই কথা সদৰী কৰে আই চি চিৰ সাধাৰণ পৰিচালক ক্লেয়ৰ ফাৰ্লঙে ৷ ইপিনে বিশ্ব চেম্পিয়নশ্বিপৰ দ্বিতীয়খন টেষ্টত ভাৰতে ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে পোন প্ৰথমবাৰৰ বাবে পৰিধান কৰিব নম্বৰ-নাম থকা টেষ্ট জাৰ্ছী ৷ আই চি চিৰ এই সিদ্ধান্তৰ পিচতেই ইংলেণ্ডৰ মাইকেল ভ’নে (Michael Vaughan) টুইট যোগে আনন্দ প্ৰকাশ কৰে ৷

উল্লেখ্য যে, আশা কৰা হৈছে ভাৰতীয় টেষ্ট ক্ৰিকেটত দেখা পোৱা নাযাব নম্বৰ 10 আৰু নম্বৰ 7 নম্বৰৰ জাৰ্ছী ৷ সীমিত অভাৰত ইতিমধ্য়ে ভাৰতীয় দলত শচীন তেণ্ডুলকাৰৰ 10 নম্বৰ জাৰ্ছী ব্যৱহাৰ কৰা নহয় ৷ এদিনীয়া আৰু টি-20 ত 7 নম্বৰৰ জাৰ্ছী পৰিধান কৰেমহেন্দ্ৰ সিং ধোনীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.