ETV Bharat / sports

মই বিৰাট কোহলিক ভয় নকৰো: নাছীম শ্বাহ - পাকিস্তানী ক্ৰিকেটাৰ নাছীম শ্বাহ

বিশ্বৰ মহানতম বেটছমেনৰ ভিতৰত অন্যতম ভাৰতৰ বিৰাট কোহলিক লৈ বিস্ফোৰক মন্তব্য পাকিস্তানী ক্ৰিকেটাৰৰ । কোহলিক লৈ শংকিত নহয় বুলি মন্তব্য আগবঢ়াইছে পাকিস্তানৰ বেগী বলাৰ যুৱ খেলুৱৈ নাছীম শ্বাহে ।

I don't fear Virat Kohli: Pakistan teenage pacer Naseem Shah

author img

By

Published : Jun 1, 2020, 4:59 PM IST

স্পৰ্টছ ডেস্ক, 1 জুন : পাকিস্তানৰ যুৱ ক্ৰিকেটাৰ নাছীম শ্বাহৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য় । কোহলিৰ প্ৰশংসা কৰি পাকিস্তানৰ কট্টৰ প্ৰতিদ্বন্দী ভাৰতীয় দলৰ বিৰুদ্ধে মেচ খেলিবলৈ আগ্ৰহেৰে বাট চাই থকা বুলি উল্লেখ কৰে পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে ।

I don't fear Virat Kohli: Pakistan teenage pacer Naseem Shah
ভাৰত-পাকিস্তান ক্ৰিকেট মেচ

শেহতীয়াকৈ যুৱ পাকিস্তানী খেলুৱৈ নাছীমে, "মই বিৰাট কোহলিক সন্মান কৰো, কিন্তু কোহলিৰ অবিশ্বাস্য বেটিঙৰ পাচতো তেওঁক মই ভয় নকৰো" বুলি এক মন্তব্য আগবঢ়ায়

নাছীমে ইয়াৰ লগতে কয়, ভাৰত আৰু পাকিস্তানৰ মেচ সদায় খেলুৱৈৰ বাবে এক বিশেষ মেচ । ভাৰত-পাকিস্তানৰ মেচতেই এজন খেলুৱৈ নায়ক অথবা খলনায়ক হ'ব পাৰে । ভাৰত-পাকিস্তানৰ মেচ অনুষ্ঠিত হোৱাৰ সুযোগৰ বাবে অপেক্ষাৰত বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । উল্লেখ্য যে, দুয়োখন দেশৰ মাজত থকা বহু কেইটা সমস্যাৰ বাবেই দুয়োখন দেশে দীৰ্ঘ সময়ৰ পৰা কোনো দ্বিপাক্ষিক শৃংখলাত অংশগ্ৰহণ কৰা নাই । ভাৰত আৰু পাকিস্তান দলটোৱে বৰ্তমান সময়ত কেৱল আইচিচি টুৰ্ণামেণ্ট সমূহতে ইজনে-সিজনৰ মুখামুখি হৈ আহিছে । শেহতীয়াকৈ আইচিচি 2019 বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতে ।

পাকিস্তানী যুৱ খেলুৱৈ নাছীমে এই বৰ্ষৰ আৰম্ভণীতে টেষ্ট ক্ৰিকেটত হেট-ট্ৰিক অৰ্জন কৰা আটাইতকৈ কনিষ্ঠ খেলুৱৈৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল । বাংলাদেশৰ বিৰুদ্ধে এই অভিলেখ ৰচিছিল খেলুৱৈগৰাকীয়ে ।

ইপিনে COVID-১৯ মহামাৰীৰ পাচত ইংলেণ্ডৰ বিৰুদ্ধে জুলাই-আগষ্ট মাহত প্ৰথমটো টেষ্ট শৃংখলাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে পাকিস্তান দলটো ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.