ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় হাছিম আমলাৰ

বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ হাছিম আমলাই ৷ ক্ৰিকেট কেৰিয়াৰত 124 খন টেষ্ট, 181 খন এদিনীয়া আৰু 44 খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত অৱতীৰ্ণ হৈছে আমলা ৷

author img

By

Published : Aug 8, 2019, 11:50 PM IST

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় হাছিম আমলাৰ

স্পৰ্টছ ডেস্ক, 8 আগষ্টঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ হাছিম আমলাৰ ৷ টুইটাৰ যোগে এই কথা সদৰী কৰে ক্ৰিকেট অফ দক্ষিণ আফ্ৰিকাই ৷ অৱশ্যে ঘৰুৱা ক্ৰিকেট আৰু চুপাৰ লীগত উপলব্ধ থাকিব খেলুৱৈগৰাকী ৷ 36 বছৰীয়া খেলুৱৈগৰাকীয়ে 124 খন টেষ্টত 9282 ৰান,181 খন এদিনীয়াত 8113 ৰান, 44 খন টি-20ত 1277 ৰান কৰিবলৈ সক্ষম হৈছে ৷ আমলাৰ নামত টেষ্টত 28 টা আৰু এদিনীয়াত আছে 27 টা শতক ৷

ETV

2004 চনত ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত পদাৰ্পণ কৰিছিল আমলাই ৷ তেওঁ অন্তিমখন টেষ্ট মেচত অৱতীৰ্ণ হৈছিল শ্ৰীলংকাৰ বিৰুদ্ধে ৷ আনহাতে বাংলাদেশৰ বিৰুদ্ধে 2008 চনত এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিছিল খেলুৱৈগৰাকীৰ ৷ শ্ৰীলংকাৰ বিৰুদ্ধেই অন্তিমবাৰৰ বাবে এদিনীয়া মেচত অৱতীৰ্ণ হৈছিল হাছিম আমলা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.