ETV Bharat / sports

৩৩ সংখ্যক জন্মদিন পালন ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ

বিশ্ব ক্ৰিকেট জগতত হিটমেন নামে খ্য়াত ভাৰতৰ ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ আজি ৩৩ সংখ্যক জন্মদিন । জন্মদিন উপলক্ষ্যে খেলুৱৈগৰাকীক বহু শুভাকাংশীয়ে শুভেচ্ছা জ্ঞাপন কৰে ।

Happy Birthday Rohit Sharma: Relive three double tons scored by 'Hitman' in ODIs

author img

By

Published : Apr 30, 2020, 3:09 PM IST

স্পৰ্টছ ডেস্ক, ৩০ এপ্ৰিলঃ ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ আজি ৩৩ সংখ্যক জন্মদিন । বিশ্ব ক্ৰিকেট জগতত বৰ্তমান হিটমেন নামে খ্যাত ৰোহিত শৰ্মা । ১৯৮৭ চনৰ ৩০ এপ্ৰিলত জন্মগ্ৰহণ কৰা ৰোহিত শৰ্মাৰ ২০০৭ চনত ২৩ জুনত পোন প্ৰথমবাৰৰ বাবে অভিষেক ঘটিছিল আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত । বৰ্তমান সময়ত বিশ্ব ক্ৰিকেটৰ এজন বিধ্বংসী খেলুৱৈৰ তালিকাত নাম সন্নিৱিষ্ট হৈ আছে ৰোহিতৰ । ৰোহিতৰ নামতেই এদিনীয়া ক্ৰিকেটত ৩ টাকৈ দ্বি-শতক অৰ্জন কৰাৰ অভিলেখ আছে । ৰোহিত শৰ্মাৰ জন্মদিনৰ বিশেষ দিনটোত চাও আহক কাৰ বিৰুদ্ধে কেতিয়া দ্বি-শতক অৰ্জন কৰিছিল ৰোহিতে-

আজি ৩৩ সংখ্যক জন্মদি ৰোহিত শৰ্মাৰ
আজি ৩৩ সংখ্যক জন্মদি ৰোহিত শৰ্মাৰ
  • ২০৯, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে (২০১৩ চনত বেংগালুৰুত)

শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০১৩ চনত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই । বেংগালুৰুত অনুষ্ঠিত এই মেচখনত ৰোহিতে ১৫৮ টা বলত ২০৯ ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছিল । মেচখনত ৰোহিতে প্ৰথমে বেটিং কৰিবলৈ আহি লেহমীয়া গতিত নিজৰ ইনিংছ আগুৱাই নিছিল । শতক অৰ্জন কৰাৰ পাচতেই ৰোহিতে বিধ্বংসী ৰূপ ধাৰণ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৰিয়াৰৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰিছিল । ৰোহিতৰ দ্বি-শতকৰ ফলতেই ভাৰতে মেচখনত ৩৮৩ ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াক । ভাৰতে ৫৭ ৰানত মেচখনত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ।

  • ২৬৪, শ্ৰীলংকাৰ বিৰুদ্ধে (২০১৪ চনত কলকাতাত)

প্ৰথমটো দ্বি-শতক অৰ্জনৰ এবছৰৰ পাচতেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ নিজৰ দ্বিতীয়টো আৰু এদিনীয়া ক্ৰিকেটৰ সৰ্বোচ্চ স্কৰ কৰিবলৈ সক্ষম হৈছিল ৰোহিত শৰ্মাই । শ্ৰীলংকাৰ বিৰুদ্ধে ২০১৪ চনত কলকাতাত অনুষ্ঠিত হোৱা মেচত ১৭৩ টা বলত বিধ্বংসী ২৬৪ ৰানৰ ইনিংছ খেলিছিল ৰোহিতে । এদিনীয়া ক্ৰিকেটত কোনো খেলুৱৈৰ দ্বাৰা এইটো হৈছে সৰ্বোচ্চ ব্যক্তিগত ৰান ।

  • ২০৮, শ্ৰীলংকাৰ বিৰুদ্ধে (২০১৭ চনত, মোহালীত)

হিটমেন ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটত তৃতীয়টো দ্বি-শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ২০১৭ চনত । শ্ৰীলংকাৰ বিৰুদ্ধেই পুনৰ মোহালীত এই কৃতিত্ব গঢ়িছিল ৰোহিতে । ৰোহিতে মেচখনত ১৫৩ টা বলত ২০৮ ৰান কৰিবলৈ সক্ষম হৈছিল । য'ত আছিল ১২ টাকৈ ছিক্স আৰু ১৩ টাকৈ চাৰি । ১৪১ ৰানত ভাৰতে জয় লাভ কৰিছিল মেচখন ।

উল্লেখ্য যে, শেহতীয়াকৈ ২০১৯ এদিনীয়া বিশ্বকাপটো ৰোহিতে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল । ৰোহিত টুৰ্ণামেণ্টৰ ৯ খন মেচত সৰ্বাধিক ৬৪৮ ৰান কৰিছিল । এই টুৰ্ণামেণ্টতেই এখন বিশ্বকাপত ৫ টাকৈ শতক অৰ্জন কৰাৰো অভিলেখ ৰচিছিল ৰোহিতে । বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেট দলৰ লিমিটেড অভাৰৰ সহ অধিনায়কৰ ভূমিকাত আছে ৰোহিত শৰ্মা । ৰোহিতে বৰ্তমানলৈকে ২২৪ খন এদিনীয়া, ১০৮ খন টি-২০ আৰু ৩২ খন টেষ্ট মেচত অৱতীৰ্ণ হৈছে ।

ৰোহিত শৰ্মাৰ নেতৃত্বেই আইপিএলত মুম্বাই ইণ্ডিয়ানছে সৰ্বাধিক চাৰিবাৰৰ বাবে খিতাপ জয় লাভ কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.