ETV Bharat / sports

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি-20 বিশ্বকাপৰ স্থান সলনি কৰিবলৈ গাভাস্কাৰৰ পৰামৰ্শ - এখন আগশাৰীৰ আলোচনীক গাভাস্কাৰৰ মন্তব্য

বিশ্বজোৰা সংকটৰ সময়ত টি-20 বিশ্বকাপ আয়োজনৰ বাবে সুনীল গাভাস্কাৰৰ পৰামৰ্শ ৷ ভাৰত আৰু অষ্ট্ৰেলিয়াক সাল-সলনি কৰি টি-20 বিশ্বকাপ আয়োজন কৰাৰ পৰামৰ্শ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ
সুনীল গাভাস্কাৰ
author img

By

Published : Apr 21, 2020, 10:48 PM IST

স্পৰ্টছ ডেস্ক, 21 এপ্ৰিল : বিশ্ব ক্ৰিকেটত কৰ'ণা ভাইৰাছৰ প্ৰভাৱ হ্ৰাস কৰিবৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে এক পৰামৰ্শ আগবঢ়াইছে ৷ এই বছৰৰ শেষৰফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগা টি-20 বিশ্বকাপ সন্দৰ্ভত এই সমাধান আগবঢ়াইছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ
সুনীল গাভাস্কাৰ

এখন আগশাৰীৰ আলোচনীক গাভাস্কাৰে কয়, "আমি জানো যে, অষ্ট্ৰেলিয়াই 30 ছেপ্তেম্বৰ পৰ্যন্ত বিদেশী লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে ৷ যিহেতু টুৰ্ণামেন্টখন অক্টোবৰৰ মাজভাগ অথবা তৃতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব সেয়েহে বৰ্তমান ইয়াৰ আয়োজন কঠিন হৈ পৰিছে ৷"

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ
সুনীল গাভাস্কাৰ

সেয়েহে গাভাস্কাৰে পৰামৰ্শ প্ৰদান কৰে, "ভাৰতে 2020 বৰ্ষৰ টি-20 বিশ্বকাপ আয়োজন কৰিব পাৰে, আনহাতে অষ্ট্ৰেলিয়াই পৰৱৰ্তী সংস্কৰণ অৰ্থাৎ ভাৰতত অনুষ্ঠিত হ'বলগা সংস্কৰণটো আয়োজন কৰিব পাৰিব ৷ ভাৰতত কৰ'ণা ভাইৰাছৰ প্ৰভাৱ অন্য দেশৰ তুলনাত ন্যূনতম ৷"

তেওঁ কয়, "যদি এয়া কৰিব পৰা যায় তেন্তে ভাৰত আৰু অষ্ট্ৰেলিয়াই এই চুক্তি কৰিব পাৰে ৷ ইয়াৰ ফলত ভাৰত আৰু অষ্ট্ৰেলিয়াই টি-20 বিশ্বকাপৰ আয়োজন সাল-সলনি কৰিব পাৰে ৷ সেই অনুসৰি, ভাৰতে এই বছৰৰ টি-20 বিশ্বকাপ অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত কৰাৰ লগতে অষ্ট্ৰেলিয়াই অহা বছৰৰ টি-20 বিশ্বকাপ অক্টোবৰ-নৱেম্বৰ মাহত আয়োজন কৰিব পাৰিব ৷"

ইয়াৰোপৰি, গাভাস্কাৰে 13 সংখ্যক ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ (IPL) আয়োজনৰ সপক্ষেও থিয় দিয়ে ৷ ইয়াৰ ফলত টি-20 বিশ্বকাপৰ বাবে খেলুৱৈসকলে যথেষ্ট অনুশীলন লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

তেওঁ কয়, "টি-20 বিশ্বকাপৰ পূৰ্বে আইপিএল অনুষ্ঠিত কৰিলে খেলুৱৈসকলে যথেষ্ট সময় অনুশীলনৰ বাবে লাভ কৰিব ৷ ইয়াৰ পাচতে নৱেম্বৰ মাহত টি-20 বিশ্বকাপ আৰু ডিচেম্বৰ মাহত আৰৱ গণৰাজ্যত এছিয়া কাপ অনুষ্ঠিত কৰিব পৰা যাব ৷ আৰৱ গণৰাজ্যত কোনো টুৰ্ণামেন্ট আয়োজনৰ বাবে ডিচেম্বৰ ভাল সময় ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.