ETV Bharat / sports

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য় কৰাক লৈ আফ্ৰিদীক আক্ৰমণ গম্ভীৰৰ - গৌতম গম্ভীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকলৈ শেহতীয়াকৈ পাকিস্তানৰ ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদিয়ে এক অপমানজনক মন্তব্য প্ৰদান কৰাৰ পাচতেই গৰজি উঠিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ । গম্ভীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আফ্ৰিদিৰ এইয়া এক ৰাজনীতি কাৰণ পাকিস্তানত বৰ্তমান তেওঁ এজন ট্ৰেণ্ড হৈ পৰিছে । যদি কানোবাই শিৰোণাম দখলৰ ইচ্ছা প্ৰকাশ কৰে তেন্তে তেওঁ বা তাইক ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ বিষয়ে মন্তব্য কৰাৰ প্ৰয়োজন ।

Gautam Gambhir attacks former Pak cricketer Afridi for derogatory comments against PM Modi
Gautam Gambhir attacks former Pak cricketer Afridi for derogatory comments against PM ModiGautam Gambhir attacks former Pak cricketer Afridi for derogatory comments against PM Modi
author img

By

Published : May 18, 2020, 12:43 PM IST

স্পৰ্টছ ডেস্ক, ১৮ মে': দেওবাৰে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদিৰ বিৰুদ্ধে গৰজি উঠিল ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপিৰ সাংসদ গৌতম গম্ভীৰ । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভয়াতুৰ আৰু কাশ্মীৰ বিবাদকলৈ মন্তব্য দিয়া প্ৰাক্তন পাকিস্তান ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদিক টুইটাৰ যোগে তীক্ষ্ণ প্ৰত্যুত্তৰ প্ৰদান গৌতম গম্ভীৰৰ ।

গম্ভীৰে টুইট কৰি কয়, পাকিস্তানৰ কাষত ৭ লাখ সৈন্য আছে আৰু তেওঁলোকৰ পিচত থিয় আছে ২০ কোটি জনতা । এনে কথা কৈছে এজন ১৬ এজন বছৰীয়া লোক ছাহিদ আফ্ৰিদিয়ে । তাৰ পিচতো ৭০ বছৰে কাশ্মীৰৰ বাবে ভীক্ষা খুজি আহিছে । আফ্ৰিদি, ইমৰাণ আৰু বাজৱাৰ দৰে জ'কৰে ভাৰত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কেৱল বিষবাষ্প বিয়পাব পাৰিব । যাৰ দ্বাৰা পাকিস্তানৰ লোক সকলক মূৰ্খ বনাই আহিছে । কিন্তু বিচাৰৰ দিন পৰ্যন্ত কাশ্মীৰ লাভ কৰিব নোৱাৰিব । স্মৰণ আছে নহয় বাংলাদেশ ?

  • Pak has 7 lakh force backed by 20 Cr ppl says 16 yr old man @SAfridiOfficial. Yet begging for Kashmir for 70 yrs. Jokers like Afridi, Imran & Bajwa can spew venom against India & PM @narendramodi ji to fool Pak ppl but won't get Kashmir till judgment day! Remember Bangladesh?

    — Gautam Gambhir (@GautamGambhir) May 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ লগতে সংবাদ মাধ্য়মৰ আগতে গম্ভীৰে কয়, কিছুমান লোক বয়স হিচাপত বিকাশ লাভ কৰে যদিও তেওঁলোক মানসিক ভাৱে বিকশিত নহয় । আফ্ৰিদি বৰ্তমানো এজন ১৬ বছৰীয়া লোক । যি সময়ত সমগ্ৰ বিশ্ব কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে সেই সময়ত তেওঁ কাশ্মীৰক লৈ প্ৰধানমন্ত্ৰী মোডীক লৈ মন্তব্য প্ৰকাশ কৰিছে । এইটোৱে তেওঁৰ লগতে আৰু তেওঁৰ দেশখনৰ চিন্তাধাৰক সূচাইছে । এইয়া দুৰ্ভাগ্য়জনক ।

ইয়াৰ লগতে আফ্ৰিদিৰ এই কাণ্ডক ৰাজনীতি আখ্যা দিয়ে গম্ভীৰে । কাৰণ পাকিস্তানত এজন ট্ৰেণ্ড হৈ পৰিছে আফ্ৰিদি । যাৰ বাবে কোনো লোকক যদি চৰ্চাত থাকিবলৈ হয় তেন্তে তেওঁ বা তাইক ভাৰত তথা প্ৰধানমন্ত্ৰীৰ বিষয়ে মন্তব্য কৰা প্ৰয়োজন বুলি কয় গম্ভীৰে । আফ্ৰিদিৰ ভাৰতৰ প্ৰধানমন্ত্ৰীকলৈ কৰা মন্তব্যৰ পাচত আফ্ৰিদিৰ চেৰেটি ফাউণ্ডেচনৰ বাবে সহায়ৰ আহ্বান জনোৱা যুৱৰাজ সিং আৰু হৰভজন সিঙেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । হৰভজন সিঙে নিজৰ ভুল হোৱা বুলি স্বীকাৰ কৰি আফ্ৰিদিৰ সৈতে কোনো সম্পৰ্ক নৰখাৰ কথাও উল্লেখ কৰে ।

আচলতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত বিৰ্তকিত মন্তব্য়ত নাম সাঙুৰ খোৱা পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক ভয়াতুৰ কোৱাৰ লগতে কাশ্মীৰৰ বিষয়ক লৈ মন্তব্য় কৰা দেখা পোৱা গৈছিল । এই ভিডিঅ'ৰ কেইবাটাও ক্লিপ টুইটাৰটো উপলব্ধ হৈছিল ।

আফ্ৰিদিয়ে ভিডিঅ'টোত কৈছিল, মই আপোনালোকৰ সৈতে লগ পাই আনন্দ অনুভৱ কৰিছো । কিন্তু এটা ডাঙৰ বেমাৰ বিশ্বত বিয়পি আছে বৰ্তমান । কিন্তু ইয়াতকৈ এটা ডাঙৰ বেমাৰ মোডীৰ অন্তৰ-মগজুত অৱস্থিত আছে । সেই বেমাৰটো হৈছে সাম্প্ৰদায়িক বেমাৰ । সাম্প্ৰদায়কলৈ তেওঁ ৰাজনীতি কৰি আহিছে । আমাৰ কাশ্মীৰৰ ভাতৃ-ভগ্নী, বৃদ্ধা সকলৰ ওপৰত অকথ্য নিৰ্যাতন চলাই আহিছে । তেওঁক উত্তৰ দিব লাগিব । এনে মোডীয়ে নিজক বহুত সাহসী দেখুৱাৰ চেষ্টা কৰে, কিন্তু আচলতে তেওঁ এজন ভয়াতুৰ । কণমানি কাশ্মীৰৰ বাবে তেওঁ ৭ লাখ সৈনিক মোতায়েন কৰিছে । ইয়াৰ বিপৰীতে পাকিস্তানতে মুঠ সৈনিক আছে ৭ লাখ । তেওঁ নাজানে সেই সকলৰ পিচত ২২-২৩ কোটি সৈনিক ৰৈ আছে । ৰাষ্ট্ৰ সংঘৰ স্থাপনৰ উদ্দেশ্যও মই বুজি পোৱা নাই বুলি কয় আফ্ৰিদিয়ে ।

ইয়াৰ লগতে এটা ভিডিঅ' ক্লিপত ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ অভিনন্দনৰ বিষয়েও মন্তব্য প্ৰকাশ কৰা দেখা পোৱা গৈছিল আফ্ৰিদিক । য'ত তেওঁ কৈছে আমি তেওঁলোকৰ লোকক বায়ুত আক্ৰমণ কৰি চাহ খোৱাই সন্মান সহকাৰে পঠিয়াই দিছো । আমি বিশ্বক এই বাৰ্তা দিয়াৰ চেষ্টা কৰিছো আমি শান্তি কামনা কৰো । আমি মৰম-ভাল পোৱাৰ কথা বুজি পোৱা মানুহ । যদিহে আপোনালোকে আমাৰ সৈতে মৰম-ভালপোৱাৰে কথা ক'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.