ETV Bharat / sports

বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ব সৌৰভ গাংগুলীক

গাংগুলীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে মঙলবাৰে কলকাতাত উপস্থিত হৈছিল হৃদৰোগ বিশেষজ্ঞ ডাঃ দেৱী শেট্টি ৷ খেলুৱৈগৰাকী স্বাস্থ্য পৰীক্ষাৰ অন্তত ডাঃ দেৱী শেট্টিয়ে মঙলবাৰে কয়, ‘সৌৰভ গাংগুলী সম্পূৰ্ণ সুস্থ আৰু পুনৰ স্বাভাৱিক জীৱনলৈ উভতিব পাৰিব ৷ তেওঁক কাইলৈ অব্যাহতি প্ৰদান কৰা হ’ব ৷’

author img

By

Published : Jan 6, 2021, 2:24 PM IST

Ganguly now to be discharged from hospital on Thursday
কাইলৈ চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ব সৌৰভ গাংগুলীক

স্পৰ্টছ ডেস্ক,6 জানুৱাৰী: বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি লাভ কৰিব বিচিচিআইৰ সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ৷ খেলুৱৈগৰাকী চিকিৎসাধীন হৈ থকা উডলেণ্ড হাস্পতাল কৰ্তৃপক্ষই ইয়াৰ শেহতীয়া বুলেটিনত প্ৰকাশ কৰে এই কথা ৷ বিগত 2 জানুৱাৰীত হৃগৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গাংগুলীক ৷

ইয়াৰ পিছতেই কলকাতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰা হৈছিল খেলুৱৈগৰাকীক ৷ 48 বৰ্ষীয় গাংগুলীৰ হৃদযন্ত্ৰত তিনিটাকৈ কৰ্নাৰী আৰ্টেৰিছ ব্লক ধৰা পৰিছিল ৷ যাৰ বাবে পৰৱৰ্তী সময়ত এনজিঅ’প্লাষ্টি কৰাৰ সিদ্ধান্ত লয় চিকিৎসকৰ দলে ৷ উডলেণ্ড হাস্পতালৰ 9 জনীয়া চিকিৎসকৰ দলে সকলো সময়তে গাংগুলীৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছিল ৷

গাংগুলীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে মঙলবাৰে কলকাতাত উপস্থিত হৈছিল হৃদৰোগ বিশেষজ্ঞ ডাঃ দেৱী শেট্টি ৷ খেলুৱৈগৰাকী স্বাস্থ্য পৰীক্ষাৰ অন্তত ডাঃ দেৱী শেট্টিয়ে মঙলবাৰে কয়, ‘সৌৰভ গাংগুলী সম্পূৰ্ণ সুস্থ আৰু পুনৰ স্বাভাৱিক জীৱনলৈ উভতিব পাৰিব ৷ তেওঁক কাইলৈ অব্যাহতি প্ৰদান কৰা হ’ব ৷ ’

লগতে পঢ়ক-ছিডনীত অনুশীলনত ব্য়স্ত ৰাহানে বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.