নিউজ ডেস্ক, ১১ মে': লোকসভা নিৰ্বাচনৰ জৰিয়তে ৰাজনীতি জগতত খোজ পেলোৱা ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ গৌতম গম্ভীৰৰ সমৰ্থনত এইবাৰ মাত মাতিছে তেওঁৰ প্ৰাক্তন সতীৰ্থসকলে । শুকুৰবাৰে অফস্পীনাৰ হৰভজন সিং আৰু বেটছমেন ভিভিএছ লক্ষ্মণে টুইটাৰৰ জৰিয়তে গম্ভীৰলৈ সমৰ্থন আগবঢ়ায় ।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/b-mc83a31557567115395-92_1105email_1557567127_231.jpg)
হৰভজন সিঙে টুইটাৰত মন্তব্য কৰে যে, এনে এক আৰোপ শুনিবলৈ পাই তেওঁ আচৰিত হৈছে । লগতে তেওঁ দাবী কৰে যে, তেওঁ গম্ভীৰক ভালকৈ জানে আৰু মহিলাৰ বিৰুদ্ধে এনেকুৱা মন্তব্য কেতিয়াও নকৰে । লক্ষ্মণেও জনাই যে, গম্ভীৰক তেওঁ দুই দশক ধৰি চিনি পাই আৰু তেওঁ মহিলাক কৰা সন্মান সম্পৰ্কেও জ্ঞাত ।উল্লেখ্য যে, আম আদমী দলৰ পূৱ দিল্লীৰ প্ৰাৰ্থী তথা গৌতম গম্ভীৰৰ প্ৰতিদ্বন্দী আটিছিয়ে এক সংবাদমেলৰ জৰিয়তে ক্ৰিকেটাৰ গৰাকীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । গম্ভীৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰচাৰ পুস্তিকাৰ জৰিয়তে আটিছিৰ বিৰুদ্ধে অপমানজনক আৰু জাতিবাদী মন্তব্য কৰা বুলি বিতৰ্কত সাঙোৰ খাই পৰিছিল ।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/d4hgehcucaayfom1557567115396-89_1105email_1557567127_730.jpg)