ETV Bharat / sports

আইপিএলৰ পূৰ্বে কুলদ্বীপ যাদৱৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Mar 10, 2020, 7:17 AM IST

Updated : Mar 10, 2020, 7:51 AM IST

আইপিএলে সহায় কৰিব টি-20 বিশ্বকাপত ৷ আইপিএলত সুন্দৰ প্ৰদৰ্শনৰ চেষ্টা চলাব চাইনামেন নামে খ্যাত ভাৰতীয় বলাৰ কুলদ্বীপ যাদৱে ৷ ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে কুলদ্বীপে ৷

exclusive interview with kuldeep yadav
আইপিএলৰ পূৰ্বে কুলদ্বীপ যাদৱৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

স্পৰ্টছ ডেস্ক, 10 মাৰ্চ: সমাগত আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ৷ ইতিমধ্যে সকলো দলে নিজৰ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত থকাৰ বিপৰীতে খেলুৱৈ সকলেও অব্যাহত ৰাখিছে নিজৰ অনুশীলন ৷ আগন্তুক আইপিএল আৰু টি-20 বিশ্বকাপৰ বাবে চাইনামেন বলাৰ কুলদ্বীপ যাদৱৰ কি পৰিকল্পনা সেই সম্পৰ্কে আছুতীয়া সাক্ষাৎকাৰ ইটিভি ভাৰতৰ ৷

কুলদ্বীপ কেৰিয়াৰ ৰেকৰ্ড
কুলদ্বীপ যাদৱৰ ক্ৰিকেট কেৰিয়াৰ

এই সাক্ষাৎকাৰত কুলদ্বীপ যাদৱে উল্লেখ কৰে যে,বিগত বৰ্ষৰ আইপিএলত ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছিল তেওঁ ৷ আনহাতে এখন মেচত কুলদ্বীপ যাদৱৰ বলিঙত ইংলেণ্ডৰ মইন আলীয়ে বিস্ফোৰক বেটিঙৰ প্ৰদৰ্শন কৰিছিল ৷ যাৰ পাচতে কুলদ্বীপ যাদৱক আবেগিক হৈ পৰা দেখা পোৱা গৈছিল খেল পথাৰত ৷ এই সন্দৰ্ভত কুলদ্বীপে কয়,আচলতে মই নিজে নিজৰ প্ৰদৰ্শনক লৈ সেইদিনা সন্তুষ্ট নাছিলো ৷ মই মোৰ ৰণকৌশলেৰে বেটছমেনক আউট কৰাত ব্যৰ্থ হৈছিলো ৷ যাৰ বাবে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলো, যিটো মই আবেগিক হৈ পৰিছো বুলি ভৱা হৈছিল ৷ আচলতে তেনে একো কথা নাছিল ৷ কেৱল এটা মেচত অত্যাধিক ৰান খৰচ কৰিলেই বলাৰ জনৰ প্ৰতিভাৰ অনুমান কৰিব পৰা নাযায় ৷

কুলদ্বীপ যাদৱ আইপিএল 2019 ত
কুলদ্বীপ যাদৱ আইপিএল 2019 ত

গতিকে এইবাৰৰ আইপিএল ছিজন গুৰুত্বপূৰ্ণ হ’ব বুলি প্ৰকাশ কৰি আইপিএলয়ে আগন্তুক টি-20 বিশ্বকাপৰ মেচৰ তৈয়াৰৰ ক্ষেত্ৰতো সহায় কৰিব বুলি উল্লেখ কৰে ৷ লগতে আইপিএলত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলিও আশাবাদী খেলুৱৈগৰাকী ৷

ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

লগতে চাওকঃ

চিৰাঙত উদযাপন বসন্ত উৎসৱ

Last Updated : Mar 10, 2020, 7:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.