ETV Bharat / sports

প্ৰথম টেষ্টৰ তৃতীয় দিনাৰ অন্তত শক্তিশালী স্থিতিত পাকিস্তান - ইংলেণ্ড আৰু পাকিস্তান

শ্বান মাছুদৰ 156 ৰানৰ শতকীয় ইনিংছৰ ফলত পাকিস্তানৰ প্ৰথম ইনিংছত 326 ৰান ৷ ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডৰ প্ৰথম ইনিংছত 9 উইকেটৰ পতন ৷

England vs Pakistan, 1st Test: Shan, Abbas put PAK on top against ENG
প্ৰথম টেষ্টৰ তৃতীয় দিনাৰ অন্তত শক্তিশালী স্থিতিত পাকিস্তান
author img

By

Published : Aug 7, 2020, 7:43 PM IST

স্পৰ্টছ ডেস্ক, 7 আগষ্ট : ইংলেণ্ড আৰু পাকিস্তানৰ মাজত ইংলেণ্ডৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত পাকিস্তান ৷ শ্বান মাছুদৰ কেৰিয়াৰৰ তৃতীয়টো শতকৰ ফলত পাকিস্তানে প্ৰথম ইনিংছত 326 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানৰ হৈ শ্বান মাছুদে সৰ্বাধিক 156 ৰানৰ শতকীয় ইনিংছ খেলাৰ বিপৰীতে অৰ্ধশতকীয় 69 ৰানৰ ইনিংছ খেলে প্ৰতিভাৱান খেলুৱৈ বাবৰ আজমে ৷ ইংলেণ্ডৰ হৈ মেচখনত ষ্টুৱাৰ্ড ব্ৰড আৰু জফ্ৰা আৰ্ছাৰে সৰ্বাধিক 3 টাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ক্ৰীছ ৱক্ছে লাভ কৰে 2 টাকৈ উইকেট ৷

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ড প্ৰথম ইনিংছত তৃতীয় দিনা 9 উইকেট হেৰুৱাই এতিয়ালৈ 200 ৰান অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ৷ ইংলেণ্ডৰ হৈ সৰ্বাধিক 62 ৰান কৰে অলি প’পে ৷

পাকিস্তানৰ হৈ য়াছিৰ শ্বাহে সৰ্বাধিক চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ আব্বাছে 2 টা, শ্বাহিন আফ্ৰিদীয়ে 1 টা, নাছিম শ্বাহে 1 টা আৰু শ্বাদাৱ খানে 1 টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক-আইপিএললৈ অধীৰ আগ্ৰহেৰে বাট চাইছে জছপ্ৰীত বুমৰাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.