স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰ : অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন মেচত শক্তিশালী স্থিতিত ইংলেণ্ড ৷ অল্ড ট্ৰেফৰ্ডৰ মানচেষ্টাৰ ষ্টেডিমায়ত অনুষ্ঠিত হোৱা মেচখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডৰ 7 উইকেটৰ বিনিময়ত সংগ্ৰহ 302 ৰানৰ বিশাল স্ক’ৰ ৷ ইংলেণ্ড দলটোৱে শূণ্য ৰানৰ দলীয় ইনিংছত জেছন ৰয় আৰু জ’ ৰুটৰ উইকেট হেৰুৱাইছিল যদিও দলটোক শক্তিশালী স্থিতিত উপনীত কৰে জনী বেয়াৰষ্ট’ আৰু মধ্যক্ৰমৰ বেটছমেন সকলে ৷
-
Well that's certainly one way to bring up your 💯 🤯 #ENGvAUSpic.twitter.com/WMeMsPhtoa
— ICC (@ICC) September 16, 2020 " class="align-text-top noRightClick twitterSection" data="
">Well that's certainly one way to bring up your 💯 🤯 #ENGvAUSpic.twitter.com/WMeMsPhtoa
— ICC (@ICC) September 16, 2020Well that's certainly one way to bring up your 💯 🤯 #ENGvAUSpic.twitter.com/WMeMsPhtoa
— ICC (@ICC) September 16, 2020
মেচখনত ইংলেণ্ডৰ হৈ জনী বেয়াৰষ্ট’ই কেৰিয়াৰৰ 10 সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ 112 ৰান কৰি পেভিলিয়নমুখী হয় খেলুৱৈগৰাকী ৷ আনহাতে অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ছেম বিলিংছ (57) আৰু ক্ৰীছ ৱক’ছে (53) ৷ অষ্ট্ৰেলিয়াৰ হৈ মিটচেল ষ্ট্ৰাক আৰু এডাম জাম্পাই 3 টাকৈ উইকেট দখল কৰে ৷
এতিয়া শৃংখলা জয়ৰ বাবে নিৰ্ধাৰিত 50 অভাৰত অষ্ট্ৰেলিয়াক প্ৰয়োজন হ’ব 303 ৰানৰ ৷ শৃংখলা দখলৰ বাবে দুয়োটা দলৰ বাবে জয় অপৰিহাৰ্য ৷
ইতিমধ্যে তিনিখন মেচৰ এদিনীয়া শৃংখলাত 1-1 ৰ সমতা স্থাপন কৰি আছে দুয়োটা দলে ৷ প্ৰথমখন এদিনীয়াত অষ্ট্ৰেলিয়াই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল যদিও দ্বিতীয়খন এদিনীয়াত শক্তিশালী প্ৰত্যাৱৰ্তন কৰি শৃংখলাত সমতা স্থাপন কৰিছিল ইংলেণ্ড দলটোৱে ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত টি-20 শৃংখলাত 2-1 ব্যৱধানত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া দলটো ৷
লগতে চাওক-ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি