ETV Bharat / sports

বেটিং ক্ৰমক লৈ চিন্তিত নহয় ধোনী ! কেতিয়া ক’ত ক’লে এই কথা..

ধোনীৰ জীৱনকলৈ নিৰ্মাণ হোৱা ছবিক লৈ কি কয় মহেন্দ্ৰ সিং ধোনীয়ে ! ছবিত যি দেখুওৱা হয় সেয়া প্ৰকৃত জীৱনতকৈ কিছু পৃথক ৷

বেটিং ক্ৰমক লৈ চিন্তিত নহয় ধোনী !
author img

By

Published : Nov 18, 2019, 7:54 PM IST

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ: গুৰুগ্ৰামত আয়োজিত এক অনুষ্ঠানত স্বকীয় ভংগীমাৰে সংবাদমেলত অংশগ্ৰহণ কৰি নিজৰ জীৱনৰ ওপৰত কৰা ছবিৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে ধোনীয়ে ৷ ধোনীক যেতিয়া প্ৰশ্ন কৰা হয়, তেওঁ আগন্তুক সময়ত বলিউডলৈ অথবা অভিনয় জগতলৈ নামিব নেকি ? ধোনীয়ে সেই প্ৰশ্নৰ উত্তৰত কয়, ‘‘অভিনয় কৰা এক কঠিন কাম ৷ কেৱল বিজ্ঞাপনলৈ সীমাৱদ্ধ থকাটোৱে উচিত বুলি মই ভাবো ৷ ’’

মহেন্দ্ৰ সিং ধোনী
মহেন্দ্ৰ সিং ধোনী

লগতে নিজৰ জীৱনক লৈ নিৰ্মাণ হোৱা চিনেমা সন্দৰ্ভত কয়, চিনেমাত বহু বস্তু কাল্পনিক হয়, যি বোৰ প্ৰকৃত জীৱনৰ লগত একো সামাঞ্জস্য নাথাকে ৷

ইপিনে ক্ৰিকেট খেলত জয় পৰাজয় সন্দৰ্ভতো ধোনীয়ে কয়,

সকলো দলে জয় লাভ কৰিবলৈ খেল পথাৰত অৱতীৰ্ণ হয় ৷ যদি ভাৰতে 100 খন মেচৰ ভিতৰত 90 খন মেচত জয় লাভ কৰে তেতিয়াও অনুৰাগীৰ আশা-আকাংক্ষা নকমে ৷

আনহাতে নিজৰ বেটিং ক্ৰমক লৈ ধোনীয়ে কয়,

মই ভাৰতৰ হৈ খেলিম, মই মোৰ দলৰ বাবে নিজৰ সৰ্বশ্ৰেষ্ট প্ৰদৰ্শন দিবলৈ চেষ্টা কৰিম লাগিলে মোক যি স্থানতেই বেটিং কৰিবলৈ দিয়া হয় ৷ মই সদায় মগজুত এটা লক্ষ্য নিৰ্ধাৰণ কৰি বেটিং কৰো ৷

লগতে চাওক- ETV BHARAT Exclusive: ঐতিহাসিক দিবা-নৈশ টেষ্ট পূৰ্বে সৌৰভ গাংগুলীৰ সৈতে সাক্ষাৎকাৰ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.