ETV Bharat / sports

সন্ত্ৰাসবাদীৰ হিট লিষ্টত ‘বিৰাট কোহলি’ ! - ৰাষ্ট্ৰীয় সুৰক্ষা এজেঞ্চিৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

সুৰক্ষা বৃদ্ধি কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলিৰ ৷ এক অজ্ঞাত পত্ৰৰ পাচতেই ৰাষ্ট্ৰীয় সুৰক্ষা এজেঞ্চিয়ে বৃদ্ধি কৰিছে বিৰাট কোহলিৰ সুৰক্ষা ৷

সন্ত্ৰাসবাদীৰ হিট লিষ্টত ‘বিৰাট কোহলি’ !
author img

By

Published : Oct 29, 2019, 4:33 PM IST

স্পৰ্টছ ডেস্ক, 29 নৱেম্বৰ: বাংলাদেশৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত হ’বলগীয়া টি-20 মেচৰ পূৰ্বে বিৰাট কোহলিৰ জীৱনলৈ আহিছে ভাবুকি ৷ সেয়ে বৃদ্ধি কৰা হৈছে বিৰাট কোহলিৰ সুৰক্ষা ব্যৱস্থা ৷ ৰাষ্ট্ৰীয় সুৰক্ষা এজেঞ্চি চমুকৈ নিয়ালৈ আহিছে এক অজ্ঞাত পত্ৰ ৷ য’ত উল্লেখ কৰা হৈছে সন্ত্ৰাসবাদীৰ হিট লিষ্টত আছে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি ৰ নাম ৷ পুলিছৰ এক সূত্ৰ অনুসৰি বিৰাটৰ লগতে সন্ত্ৰাসবাদীৰ মুখ্য টাৰ্গেট হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, গৃহমন্ত্ৰী অমিত শ্বাহ, লাল কৃষ্ণ আডৱাণী, জে.পি নাড্ডা, আৰ এছ এছৰ প্ৰমুখ মোহন ভাগৱত আৰু ভাৰতীয় ক্ৰিকেট দলটো

ভাৰতীয় ক্ৰিকেট দল
ভাৰতীয় ক্ৰিকেট দল

এই সন্দৰ্ভত নিয়াই ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডক পত্ৰ পেৰণ কৰি বিষয়টো অৱগত কৰিছে ৷ অজ্ঞাত পত্ৰখনত উল্লেখ আছে যে, কেৰালাৰ ক’ঝিকোডেতস্থিত ‘‘অল ইণ্ডিয়া লস্কৰে’’ কোহলি আৰু অন্যান্য নেতা সমূহক নিজৰ টাৰ্গেট কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে ৷

নৰেন্দ্ৰ মোডী
নৰেন্দ্ৰ মোডী

অৱশ্যে এইয়া এক ভুৱা পত্ৰও হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণ ক্ৰুটি ৰখা নাই প্ৰশাসনে ৷ সেইয়ে দিল্লীত অনুষ্ঠিত হ’বলগীয়া টি-20 মেচৰ পূৰ্বে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ 3 নৱেম্বৰত দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.