ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় টি-20 কেৰিয়াৰত প্ৰথমটো শতক ডেভিদ ৱাৰ্ণাৰৰ - Sri lanka Vs Australia 1st t20 2019

ডেভিদ ৱাৰ্ণাৰৰ শতকীয় ইনিংছৰ ফলত বৃহৎ জয় অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ ৷ শ্ৰীলংকাৰ বিৰুদ্ধে 134 ৰানত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰা তৃতীয়গৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈ হ’ল ৱাৰ্ণাৰ ৷

আন্তঃৰাষ্ট্ৰীয় টি-20 কেৰিয়াৰত প্ৰথমটো শতক ডেভিদ ৱাৰ্ণাৰৰ
author img

By

Published : Oct 27, 2019, 7:41 PM IST

স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ: শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰথমখন টি-20 মেচত শতক অৰ্জন ডেভিদ ৱাৰ্ণাৰৰ ৷ টি-20 কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন ৱাৰ্ণাৰৰ ৷ ৱাৰ্ণাৰৰ শতকৰ বিনিময়তেই টি-20 ইতিহাসত অষ্ট্ৰেলিয়াৰ আটাইতকৈ বৃহৎ জয় ৷ 134 ৰানত জয় লাভ কৰে কেংগাৰু বাহিনীয়ে ৷ মেচখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 2 উইকেট হেৰুৱাই 233 ৰান সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়াই ৷ এৰণ ফিন্সে 36 টা বলত 64, ডেভিদ ৱাৰ্ণাৰে 56 বলত অপৰাজিত 100 আৰু গ্লেন মেক্সৱেলে 28 টা বলত 62 ৰান কৰিবলৈ সক্ষম হয় ৷

শ্ৰীলংকাৰ বিৰুদ্ধে 134 ৰানত জয় লাভ অষ্ট্ৰেলিয়াৰ

ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকা দলটোৱে 9 উইকেট হেৰুৱাই নিৰ্ধাৰিত 20 অভাৰত সংগ্ৰহ কৰে কেৱল 99 ৰান ৷ শ্ৰীলংকাৰ হৈ সৰ্বাধিক 17 ৰান কৰে ডাছুন ছানাকাই ৷ অষ্ট্ৰেলিয়াৰ হৈ এডাম জাম্পাই 3 টা, মিটচেল ষ্ট্ৰাক আৰু পেট কামিন্সে 2 টা কৈ উইকেট লাভ কৰে ৷ আনহাতে 1 উইকেট লাভ কৰে এশ্বটন আগৰে ৷ ডেভিদ ৱাৰ্ণাৰৰ শতকীয় ইনিংছৰ ফলত প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ৷

ETV SOIRTS - IMAGE

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.