ETV Bharat / sports

টেষ্ট ক্ৰিকেটৰ বাবে জলবায়ু পৰিৱৰ্তন চিন্তনীয় বিষয়ঃ ইয়ান চেপেল - ৰোহিত শৰ্মা

ৰাষ্ট্ৰসংঘত গ্ৰেটা থুনবাৰ্গৰ ‘ষ্ট্ৰাইক ফৰ ক্লাইমেট’ অভিযানক ৰোহিত শৰ্মাই টুইটাৰ যোগে সমৰ্থন জনোৱা বিষয়টোক উল্লেখ কৰি চেপেলে কয়, ‘‘জলবায়ু পৰিৱৰ্তনে ক্ৰিকেট বিশ্বৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে ৷’’

টেষ্ট ক্ৰিকেটৰ বাবে জলবায়ু পৰিৱৰ্তন চিন্তনীয় বিষয়ঃ ইয়ান চেপেল
author img

By

Published : Sep 30, 2019, 4:52 PM IST

স্পৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰঃ ক্ৰিকেটৰ প্ৰতি ভাবুকি আনিছে জলবায়ু পৰিৱৰ্তনে ৷ ক্ৰিকেটৰ ভৱিষ্যতক লৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ইয়ান চেপেলৰ প্ৰতিক্ৰিয়া ৷ চেপেলৰ মতে, টেষ্ট ক্ৰিকেটৰ বাবে টি-20 ক্ৰিকেটৰ লগতে ভাবুকি হৈ পৰিছে জলবায়ু পৰিৱৰ্তন ৷

এটা ৱেবচাইটত দিয়া বিবৃতিত চেপেলে কয়,

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা এছেজ শৃংখলা 2-2 ব্যৱধানত সমাপ্ত হয় ৷ এই শৃংখলাই ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেট টেষ্ট ক্ৰিকেটক জীৱিত ৰাখিছে যদিও আগন্তুক দিনত জলবায়ু পৰিৱৰ্তনে বিশেষকৈ টেষ্ট ক্ৰিকেটৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি উদিগ্ন প্ৰকাশ কৰে চেপেলে ৷ সেয়ে এই বিষয়ে ক্ৰিকেটৰ প্ৰশাসনিক বিষয়া সকলক গুৰুত্ব সহকাৰে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷

জলবায়ু পৰিৱৰ্তন
জলবায়ু পৰিৱৰ্তন

বৰ্তমান সময়ত খেল জগতৰ বাবে জলবায়ু পৰিৱৰ্তন তথা বতৰ পৰিৱৰ্তন হৈছে এক চিন্তনীয় বিষয় ৷ উল্লেখ্য যে, ব্ৰিটেইনত বিশ্বকাপ আয়োজিত হোৱাৰ পাছৰে পৰা প্ৰত্যক্ষ কৰিলে দেখা পোৱা যায় যে, বৰষুণৰ বাবে বহু মেচ বাতিল হৈছে ৷ তেনেকৈ আগন্তুক দিনত তাপমাত্ৰা বৃদ্ধি ইত্যাদি সমস্যাও খেলুৱৈসকলৰ স্বাস্থ্যৰ বাবে হৈ পৰিব যথেষ্ট হানীকাৰক ৷ আপুনি কল্পনা কৰক বৰষুণৰ বাবে নহয় আগন্তুক সময়ত অত্যাধিক তাপমাত্ৰাৰ বাবে খেলপথাৰৰ ত্যাগ কৰিছে খেলুৱৈসকল ৷ কাৰণ অধ্যাতিক তাপমাত্ৰাই খেলুৱৈ সকলৰ হীট-ষ্ট্ৰক, চৰ্ম কেঞ্চাৰ আদি মাৰাত্মক ৰোগ হোৱাৰ লগতে শ্বাস-প্ৰশ্বাস আদিত অসুবিধাৰ সৃষ্টি কৰিব ৷ গতিকে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেট বৰ্ড সকলে অতি সাৱধানতা অৱলম্বন কৰা দৰকাৰ ৷

টেষ্ট ক্ৰিকেটক জীয়াই ৰাখিবলৈ দিবা-নৈশ্য টেষ্ট মেচক অত্যাধিক গুৰুত্ব দিয়াৰ পোষকতা কৰিছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷ আনহাতে বাঢ়ি অহা সমুদ্ৰ পৃষ্ঠৰ স্তৰ সন্দৰ্ভতো চিন্তা ব্যক্ত কৰে চেপেলে লগতে নিৰ্ধাৰিত মাত্ৰাত কৈ কম বৰষুণ হোৱাটোও চিন্তাজনক বুলি কয় ইতিমধ্যে কেপ্টাউন চহৰত অনুষ্ঠিত টেষ্টত তাৰ পৰিণাম দেখা পোৱা গৈছে বুলি উল্লেখ কৰে ইয়ান চেপেলে ৷

ৰাষ্ট্ৰসংঘত গ্ৰেটা থুনবাৰ্গৰ ‘ষ্ট্ৰাইক ফৰ ক্লাইমেট’ অভিযানক ৰোহিত শৰ্মাই টুইটাৰ যোগে সমৰ্থন জনোৱা বিষয়টোক উল্লেখ কৰি চেপেলে কয়,

‘‘জলবায়ু পৰিৱৰ্তনে ক্ৰিকেট বিশ্বৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে ৷’’

সেয়েহে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ খেলজগত আহিবলগীয়া ভয়াৱহতাৰ বিষয়ে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক তথা খেলুৱৈ ইয়ান চেপেলে ৷

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.