স্পৰ্টছ ডেস্ক, 15 জুনঃ অষ্ট্ৰেলিয়া ক্ৰিকেটৰ বাবে আহিছে এক ডাঙৰ খবৰ । কৰ'ণা ভাইৰাছৰ ফলত যথেষ্ট আৰ্থিক সংকটত যুঁজি থকা ক্ৰিকেট অষ্ট্ৰেলিয়াই CEO কেভিন ৰবাৰ্টছক অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
অষ্ট্ৰেলিয়াৰ এক বাতৰি কাকতৰ খবৰৰ অনুসৰি এই সপ্তাহৰ অন্তত ক্ৰিকেট অষ্ট্ৰেলিয়াৰ CEOগৰাকীক অব্যাহতিৰ কথা ঘোষণা কৰা হ'ব । 2021 বৰ্ষলৈ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সৈতে চুক্তিৱদ্ধ হৈ আছিল যদিও নিৰ্ধাৰিত কাৰ্যকালৰ পূৰ্বেই তেওঁক অব্যাহতি দিয়া হ'ব বুলি পোহৰলৈ আহিছে এক খবৰ ।
20 মাহ পূৰ্বে জেম্ছ ছাদাৰলেণ্ডৰ স্থানত নিযুক্ত কৰা হৈছিল ৰবাৰ্টছক । অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোৰ খেলুৱৈৰ বল টেম্পিঙৰত জড়িত হোৱা সময়তে ৰবাৰ্টছক CEO হিচাপে নিযুক্ত কৰা হৈছিল । বৰ্তমানে ক্ৰিকেট অষ্ট্ৰেলিয়া কৰ'ণা ভাইৰাছৰ ফলত যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হৈ আছে । ইতিমধ্য়ে ব'ৰ্ডে 200 গৰাকীতকৈ অধিক কৰ্মচাৰীক জুন মাহলৈ 20 শতাংশ বেতনত ৰাখি থৈছে ।
ভাৰতৰ সৈতে শৃংখলা যদি অনুষ্ঠিত নহয় তেন্তে অধিক আৰ্থিক অনাটনৰ সন্মুখীন হ'ব ক্ৰিকেট অষ্ট্ৰেলিয়া । ইতিমধ্য়ে পাঁচ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে ব'ৰ্ডটোৱে । অক্টোবৰ-নৱেম্বৰত টি-20 বিশ্বকাপৰো আয়োজন কৰিব অষ্ট্ৰেলিয়াই । অৱশ্যে এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত আহিবলৈ বাকী আছে আইচিচিৰ ফালৰ পৰা । কৰ'ণা ভাইৰাছৰ ফলতেই বিশ্বকাপ স্থগিত কৰাৰ কথা পোহৰলৈ আহিছিল যদিও শেহতীয়াকৈ অষ্ট্ৰেলিয়া চৰকাৰে ইয়াৰ আয়োজনকলৈ এক সেউজ সংকেত প্ৰদান কৰিছিল ।