ETV Bharat / sports

ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন শচীন তেণ্ডুলকাৰ - চিকিৎসাধীন হ'ল লিটল মাষ্টাৰ শচীন তেণ্ডুলকাৰ

চিকিৎসাধীন হ'ল লিটল মাষ্টাৰ শচীন তেণ্ডুলকাৰ ৷ ছয় দিন পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল তেণ্ডুলকাৰ ৷

ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন শচীন তেণ্ডুলকাৰ

author img

By

Published : Apr 2, 2021, 2:28 PM IST

স্পৰ্টছ ডেস্ক, 2 এপ্ৰিল : ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ ছয় দিন পাচত আজি চিকিৎসালয়ত ভৰ্তি হৈছে প্ৰাক্তন ভাৰতীয় অধিনায়ক তথা লিটল মাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰ ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে চিকিৎসালয়ত ভৰ্তি হয় ক্ৰিকেটাৰ গৰাকী ৷ 47 বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীয়ে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

তেণ্ডুলকাৰে কয়, "আপোনালোকৰ শুভেচ্ছা আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ ৷ চিকিৎসা বিভাগৰ পৰামৰ্শ অনুসৰি, সতৰ্কতামূলক ব্যৱস্থা হিচাপে মই চিকিৎসাধীন হৈছো ৷ কিছু দিনৰ ভিতৰতে ঘৰলৈ উভতিম ৷ সকলোৱে নিজৰ স্বাস্থ্যৰ যতন লওঁক ৷"

  • Thank you for your wishes and prayers. As a matter of abundant precaution under medical advice, I have been hospitalised. I hope to be back home in a few days. Take care and stay safe everyone.

    Wishing all Indians & my teammates on the 10th anniversary of our World Cup 🇮🇳 win.

    — Sachin Tendulkar (@sachin_rt) April 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 27 মাৰ্চত ক'ভিডত আক্ৰান্ত হৈছিল তেণ্ডুলকাৰ আৰু তেতিয়াৰ পৰা আইশ্ব'লেছনত আছিল ৷

2011 চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্য শচীন তেণ্ডুলকাৰে এই জয়ৰ 10 বছৰ সম্পূৰ্ণ হোৱা বাবে সতীৰ্থ সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷

তেওঁ টুইটাৰৰ জৰিয়তে কয়, "সকলো ভাৰতীয় আৰু মোৰ সতীৰ্থ সকলক বিশ্বকাপ জয়ৰ 10 টা বছৰ সম্পূৰ্ণ হোৱা বাবে শুভকামনা যাছিলো ৷"

তেণ্ডুলকাৰৰ উপৰি ৰোড ছেফ্টী ৱৰ্ল্ড ছিৰিজত অংশগ্ৰহণ কৰা ক্ৰিকেটাৰ প্ৰাক্তন ভাৰতীয় অল ৰাউণ্ডাৰ ইৰফান পাঠান, তেওঁৰ জ্যেষ্ঠ ভাতৃ য়ুছুফ আৰু এছ বদ্ৰীনাথো ক'ভিডত আক্ৰান্ত হৈছে ৷

উল্লেখ্য যে, ৰায়পুৰত অনুষ্ঠিত ছেফ্টী ৱৰ্ল্ড ছিৰিজত তেণ্ডুলকাৰ নেতৃত্বাধীন ভাৰতীয় দলে চেম্পিয়নৰ খিতাপ লাভ কৰে ৷

লগতে পঢ়ক : কৰ'ণাৰ বাবেই অলিম্পিকৰ আশা ভংগ কেনোয়িং খেলুৱৈ ষ্টেফী ক্ৰিজাৰষ্টেইনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.